বড়োলেণ্ডৰ দাবী মানি নল’লে লোকসভা নিৰ্বাচনত বিজেপিক এশিকনি দিয়াৰ হুংকাৰ বড়ো সংগঠনৰ

Bodoland-750x375

এখন সুকীয়া বড়ো ৰাজ্যৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো : নৰ্থইষ্ট নাও

বড়ো জনগোষ্ঠীৰ প্ৰভাৱশালী সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা (এবছু) আৰু নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অৱ বডোলেণ্ড-প্ৰগ্ৰেছিভ (এনডিএফবি-পি)য়ে এখন পৃথক বড়োলেণ্ডৰ তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীটো সন্দৰ্ভত দেওবাৰে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰকেই চৰম সকীয়নি প্ৰদান কৰে।

বড়ো জনগোষ্ঠীৰ প্ৰধান ছাত্ৰ সংগঠনটো আৰু বড়ো উগ্ৰপন্থীৰ আলোচনা পন্থী গোটটোৱে সকীয়াই দিয়ে যে যদি আগন্তুক বৰ্ষৰ প্ৰথম ভাগত অনুষ্ঠিত হ’বলগীয়া লোকসভাৰ নিৰ্বাচনৰ আগেয়ে বড়োলেণ্ড গঠন কৰা নহয় তেতিয়াহ’লে বিজেপিয়ে বড়ো জনগোষ্ঠীৰ সমৰ্থন হেৰুৱাব।

২০১৯’ৰ নিৰ্বাচনৰ আগেয়ে এখন পৃথক বড়োলেণ্ডৰ বাবে যদি সঠিক পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ’লে গেৰুৱা দলটোৱে পৰাজয়ৰ সন্মুখীন হ’ব লাগিব বুলি এবছু আৰু এনডিএফবি(প্ৰ) দুয়োটা সংগঠনে সকীয়াই দিয়ে।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰখনৰ মুখ্য দল হিচাপে থকা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ বড়োলেণ্ড পীপলছ ফ্ৰন্ট (বিপিএফ)য়ে এনে ভাবুকিক নস্যাৎ কৰিছে।

জানিব পৰা মতে, বিপিএফে বিজেপিৰ প্ৰতি ইয়াৰ সমৰ্থন অব্যাহত ৰখাৰ কথা দোহাৰিছে আৰু এখন পৃথক বড়োলেণ্ডৰ দাবী দলটোৰ বিষয় নহয় বুলি ইয়াক নস্যাৎ কৰিছে।

এবছু আৰু এনডিএফবি(প্ৰ)সংগঠন দুটাই অভিযোগ কৰে যে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ লগতে বিধানসভাৰ নিৰ্বাচনৰ আগেয়েও এখন পৃথক বড়ো ৰাজ্য গঠনৰ বাবে মুকলি প্ৰতিশ্ৰুতি দিছিল যদিও ক্ষমতা লাভৰ পাছত গেৰুৱা দলটোৱে বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ অস্বীকাৰ কৰি আহিছে।