বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে সৰৱ এবছু

ঐতিহাসিক বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বড়ো জনগোষ্ঠীৰ ছাত্ৰ সংগঠন এবছু ।

যোৱা ৬ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইগৰাকীমান ব্যক্তিয়ে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি এক ৰাজহুৱা স্বাৰ্থজৰিত আবেদন কৰিছিল ।

সেই আবেদনক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু।

শেহতীয়াকৈ বিটিআৰৰ তামুলপুৰত তামুলপুৰ আঞ্চলিক এবছুৰ উদ্যোগত ৰাজহুৱা আবেদন দাখিল কৰা ছাঞ্চুমা খুংগুৰ বসুমতাৰী, জনক লাল , খাম্ফা বৰগয়াৰী, চন্দন ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তি দাহ কৰা হয় ।

প্ৰতিবাদকাৰীসকলে বিটিআৰ চুক্তি ৰূপায়ণ কৰক , জাতিদ্ৰোহী হুছিয়াৰ , এবছু জিন্দাবাদ আদি শ্লোগান দি তামুলপুৰৰ পৰিবেশ উত্তাল কৰি তোলে।

এবছুৱে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা ব্যক্তিসকলক জাতিদ্ৰোহী আখ্যা দিয়াৰ লগতে বড়ো জাতিৰ ক্ষতি কৰিব পৰা কাম- কাজৰ পৰা বিৰত থাকিবলৈ তেওঁলোকক সকিয়াই দিয়ে