নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিদ্যালয়ে বিদ্যালয়ে চাফাই অভিযান

dog

*

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ে বিদ্যালয়ে চেনিটাইজেচন আৰু চাফাই অভিযানৰ প্ৰক্ৰিয়া ।

সাম্প্ৰতিক কৰ’ণা কালৰ বাবে কেবামাহো ধৰি বন্ধ হৈ থকা বিদ্যালয়সমূহক চেনিটাইজেচন আৰু আৰু পৰিষ্কাৰ অভিযান আৰম্ভ কৰিছে ।

শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ বনৰগাঁও হাই স্কুলত এই কাৰ্য শুভাৰম্ভ কৰে ।

বনৰগাঁও আঞ্চলিক এবছুৰ সহযোগত হাই স্কুলৰ চাৰিওফালে পৰিষ্কাৰ কৰাৰ লগতে চেনিটাইজেচন কৰা হয় |

এই কাৰ্য্যসূচী শুভাৰম্ভ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখপাত্ৰ জনক উজিৰে |