NORTHEAST NOW (Assamese)

JIOৰ সুদিন অব্যাহত: ৰিলায়েন্স জিঅ’ত মুবাডালা কোম্পানীয়ে বিনিয়োগ কৰিব ৯০৯৩কোটি টকা

June 5, 2020 8:51 am · এন ই নাও নিউজ

মুকেশ আম্বানিৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ত এটাৰ পাছত আন এটা বিদেশী কোম্পানীয়ে বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে।

এইবাৰ আবু ধাবিৰ মুবাডালা ইনভেষ্ট কোম্পানী (Mubadala Investment Company)য়ে জিঅ’ত ১.৮৫ শতাংশ অংশীদাৰিত্বৰ বিনিময়ত ৯,০৯৩.৬কোটি টকাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

বিগত ছয় সপ্তাহৰ ভিতৰত জিঅ’ত এইটো হৈছে ষষ্ঠ বৃহৎ বিদেশী বিনিয়োগ।

ইয়াৰ পূৰ্বে ফেচবুক, কেকেআৰ, ছিলভাৰ লেক, ভিষ্টা আৰু জেনেৰেল আটলান্টিকে জিঅ’ প্লেটফৰ্মত বিনিয়োগ কৰিছিল।

উক্ত পাঁচটা কোম্পানীয়ে মুঠতে ৭৮,৫৬২কোটি টকা জিঅ’ প্লেটফৰ্মত বিনিয়োগ কৰিছে।

এতিয়া মুবাডালাৰ ৯হাজাৰতকৈ অধিক কোটি টকাৰ বিনিয়োগৰ পাছত মুঠ বিদেশী বিনিয়োগৰ পৰিমান হ’লগৈ ৮৭,৬৫৫কোটি টকা।

মুবাডালা ইনভেষ্টমেন্ট কোম্পানীৰ ফালৰ পৰা কোৱা হৈছে যে কোম্পানীটোৱে উচ্চ বিকাশশীল কোম্পানীৰ সৈতে কাম কৰাৰ বাবে তথা বিনিয়োগ কৰাৰ বাবে সংকল্পবদ্ধ। বিনিয়োগকাৰী হিচাপে তেওঁলোকে ভাৰতৰ ডিজিটেল বিকাশৰ যাত্ৰাত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।

উল্লেখ্য যে ৰিলায়েন্স জিঅ’ টেলিকম কোম্পানীয়ে চলচ্চিত্ৰ, বাতৰি তথা সংগীতৰ এপছৰো প্ৰসাৰতো জড়িত হৈছে।

এতিয়ালৈকে কোম্পানীটোৱে ১৮.৯৭ শতাংশ বিদেশী বিনিয়োগ লাভ কৰিছে।

Related News