NORTHEAST NOW (Assamese)

এবিভিপিৰ কাণ্ড! ক’ভিড ৱাৰ্ডত সোমাই কৰোণা ৰোগীৰ অক্সিজেন মাস্ক খুলি খুৱালে ফলৰ ৰস, ক’ত?

April 30, 2021 2:49 pm · এন ই নাও নিউজ
Updated: April 30, 2021 3:11 pm
(টুইটাৰত প্ৰাপ্ত ফটো)

আৰএছএছৰ ছাত্ৰ সংগঠন এবিভিপিৰ এক আজৱ কাণ্ডই বাতৰিৰ শিৰোনামা দখল কৰিছে।

ডেৰাডুনৰ ডুন মেডিকেল কলেজৰ এটা কোভিড ৱাৰ্ডৰ ভিতৰত সোমাই ৰোগীসকলৰ মাস্ক খুলি ফলৰ ৰস খুওৱা দেখা গ’ল এবিভিপিৰ কৰ্মীসকলক।

কেৱল স্বাস্থ্যকৰ্মী আৰু চিকিৎসকৰ বাবে প্ৰৱেশৰ অধিকাৰ থকা কোভিড ৱাৰ্ডটোত কিদৰে এবিভিপিৰ সদস্যসকল সোমাবলৈ পালে, সেই বিষয়ে  এতিয়া নানা প্ৰশ্নৰ উত্থাপন হৈছে।

উল্লেখযোগ্য যে নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোলৰ নিৰ্দেশিকা অনুসৰি কভিড ৱাৰ্জত কোনো দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষেধ।

এটা ভিডিঅ’ত দেখা পোৱামতে, ২৮ এপ্ৰিল তাৰিখে কোভিড ৱাৰ্ডৰ ভিতৰলৈ পিপিই কিট পিন্ধি এবিভিপিৰ সদস্যসকলে প্ৰৱেশ কৰে আৰু কভিড ৰোগীসকলৰ মুখৰ পৰা অক্সিজেন মাস্ক খুলি তেওঁলোকে প্ৰশ্ন কৰে- ”আপুনি জুচ খাবনে?”

তেওঁলোকৰ পিপিই কিটত সংগঠনটোৰ ষ্টিকাৰ লগোৱা হৈছিল।

ঘটনাটোৰ সম্পৰ্কত ডুন মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ আশুতোষ সায়ানাই জনায় যে বিষয়টো সম্পৰ্কত কৰ্তৃপক্ষ অৱগত নহয় আৰু অবিলম্বে বিষয়টোৰ সম্পৰ্ৰকত পদক্ষেপ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ এই মেডিকেল কলেজখনত ৪০০ জন ক’ভিড ৰোগী ভৰ্তি হৈ আছে।

Related News