নাৰী নিৰ্যাতনত অভিযুক্ত দেশৰ ১৫১গৰাকী সাংসদ-বিধায়ক; ১৬গৰাকীৰ বিৰুদ্ধে আছে ধৰ্ষণৰ গোচৰ

প্ৰতিনিধিত্বমূলক ফটো।

সাংসদ, বিধায়ককে ধৰি দেশৰ ১৫১ গৰাকী নেতাৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে। পূৰ্বৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীসকলে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাৰ পৰাই এই তথ্য পোহৰলৈ আহিছে। ৰাজ্য ভিত্তিত পশ্চিম বংগত নাৰী নিৰ্যাতনৰ অভিযোগত অভিযুক্ত সাংসদ- বিধায়কৰ সংখ্যা সৰ্বাধিক, আনহাতে দল হিচাপে সৰ্বাধিক অভিযুক্তৰ সংখ্যা বিজেপিত।

২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত একাধিক নিৰ্বাচনত ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক দাখিল কৰা ৪,৬৯৩ টা শপতনামাৰ ভিতৰত ৪,৮০৯ টা শপতনামাৰ জৰীপ কৰে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে (এডিআৰ)। তাৰ পৰাই জনা যায় যে বিভিন্ন দলৰ ১৬ গৰাকী সাংসদ আৰু ১৩৫ গৰাকী বিধায়কৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হোৱাৰ গোচৰ আছে। অৰ্থাৎ মুঠতে ১৫১ গৰাকী অপৰাধী।

লগতে পঢ়কঃ অলিম্পিকৰ পিছতেই বাঢ়িল অধিক জনপ্ৰিয়তা : আয় ৩ গুণলৈ বৃদ্ধি পালে ৱিনেশ ফ’গাটৰ

বিধায়ক, সাংসদকে ধৰি পশ্চিম বংগৰ ২৫ গৰাকী বিধায়কৰ বিৰুদ্ধে আছে এনে গোচৰ।পশ্চিম বংগৰ পিছতে আছে অন্ধ্ৰ প্ৰদেশ। তাত ২১ গৰাকীৰ বিৰুদ্ধে আছে গোচৰ। ৰাজ্য ভিত্তিত তৃতীয় স্থানত আছে ওড়িশা। তাত একেধৰণৰ অপৰাধৰ বাবে ১৭ গৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে গোচৰ আছে।

উল্লেখ্য যে আয়োগক দাখিল কৰা শপতনামাত ১৬ গৰাকী সাংসদ-বিধায়কে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা ধৰ্ষণৰ গোচৰৰ বিষয়ে অৱগত কৰিছে। ইয়াৰে দুগৰাকী সাংসদ, বাকীসকল বিভিন্ন ৰাজ্যৰ বিধায়ক।

দল হিচাপে আগবাঢ়ি আছে বিজেপি। গেৰুৱা শিবিৰৰ ৫৪গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে আছে নাৰী নিৰ্যাতনৰ গোচৰ। দ্বিতীয় স্থানত কংগ্ৰেছ (২৩), তৃতীয় তেলেগু দেশম পাৰ্টি (১৭)। বিজেপি আৰু কংগ্ৰেছৰ পাঁচগৰাকীকৈ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ আছে।

লগতে পঢ়কঃ খেলৰ মাজতে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰি আছিল ফুটবলাৰে! ৰঙা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে (চাওক ভিডিঅ’)

উল্লেখ্য যে কলকাতাৰ আৰ জি কাৰ হাস্পতালত যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই উত্তাল কৰি তুলিছে সমগ্ৰ দেশ। আনহাতে, মুম্বাইৰ থানেৰ এখন নাৰ্চাৰী স্কুলত দুগৰাকী শিক্ষাৰ্থীক যৌন নিৰ্যাতনৰ পিছত তাত তুমুল প্ৰতিবাদ আৰম্ভ হৈছে। দৰাচলতে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ঘটনাত সমগ্ৰ দেশেই ক্ষোভত ফাটি পৰিছে।