দিল্লী নিৰ্বাচন: সট্টা (জুৱা) বজাৰৰ মতে দিল্লীত এই দলে চৰকাৰ গঠন কৰাটো নিশ্চিত

3e957736c8567cdd72eea20b2a00ec28

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। সমগ্ৰ দেশৰে ৰাজনৈতিক মহলৰ দৃষ্টি নিৱদ্ধ হৈ পৰিছে দিল্লী নিৰ্বাচনৰ ফলাফলৰ ওপৰত।

দিল্লী নিৰ্বাচনৰ পূৰ্বে আমি বিভিন্ন দলৰ সমীক্ষা দেখা পাইছো। বিভিন্ন সমীক্ষাত কিছুমানে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও কৈছে।

একেই সময়তে দিল্লীৰ সট্টা (জুৱা)বজাৰৰ মতে আম আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব।

কিন্তু বিজেপিৰ সুযোগ দিনক দিনে বৃদ্ধি পাইছে। য’ত বিজেপিয়ে আগতে ১০ৰ পৰা ১২ খন আসন পোৱা দেখা গৈছিল, এতিয়া বিজেপিয়ে অধিক আসন পোৱাৰ সম্ভাৱনা দেখা গৈছে।

কিন্তু বুকীসকলৰ মতে দিল্লীত আপ চৰকাৰক উফৰোৱাটো সম্ভৱ নহয়।

নতুন হিচাপ মতে (বজাৰ মূল্য অনুসৰি) আপক ৫৭-৫৮ দিয়াৰ বিপৰীতে বিজপিক হ্ৰাস কৰি দিয়া হৈছে ১১ৰ পৰা ১৩খন।

বজাৰৰ সূত্ৰ অনুসৰি যোৱা ২৪ ঘন্টাত বিজেপিৰ সপক্ষে আটাইতকৈ বেছি বাজী ধৰা হৈছে।

দিল্লীত এইবাৰ কাৰ চৰকাৰ হ’ব সেয়া কেৱল সময়েহে ক’ব। আজি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত ১১ ফেব্ৰুৱাৰিত ফলাফল ঘোষিত হ’ব।

দেশৰ ৰাজধানী ৰাজ্যখনত কোনে ক্ষমতা দখল কৰে সেয়া চাবলৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে।