টংলা জলসিঞ্চন বিভাগৰ কোটিটকীয়া কেলেংকাৰী; গাণনিক বিষয়া প্ৰভাত কলিতাক গ্ৰেপ্তাৰ

index

ফটো: নৰ্থইষ্ট নাও।

টংলা জলসিঞ্চন বিভাগৰ ৪কোটি ১৮লাখ টকীয়া কেলেংকাৰীত জড়িত গাণনিক বিষয়া প্ৰভাত কলিতাক আটক কৰিছে আৰক্ষীয়ে।  

সোমবাৰে নিশা কলিতাৰ গুৱাহাটীস্থিত বাসগৃহৰ পৰাই আৰক্ষীয়ে তেওঁক আটক কৰে।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ৪ মাৰ্চত ১৭৯/২১ নং টংলা আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ অন্তৱৰ্তীকালীন জামিন নাকচ কৰিছিল।

লগতে পঢ়ক: কোনবোৰ দেশ বন্ধু নহয়, ৰাছিয়াই প্ৰস্তুত কৰিলে ইয়াৰ তালিকা! কোন কোন আছে তালিকাত?

উচ্চ ন্যায়ালয়ত জামিন নাকচ হোৱাৰ পিছতে গাণনিক বিষয়াগৰাকীক আৰক্ষীয়ে আটক কৰিছে।

গাণনিক বিষয়া কলিতাৰ উপৰিও বিটিচিৰ চিএইচডি মৃগেন বড়োৰ লগতে কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাৰ বিৰুদ্ধেও অভিযোগ আছে।