NORTHEAST NOW (Assamese)

জীৱনত অত্যধিক সৎ হ’লে ঘোৰ বিপদত পৰিব! চাণক্য নীতিয়ে দেখুৱাইছে ভালে থকাৰ বাট

May 26, 2023 6:57 am · এন ই নাও নিউজ, গুৱাহাটী

চাণক্যৰ কথাবোৰ যুক্তিসংগত আৰু আমাৰ জীৱনত অত্যন্ত ফলপ্ৰসূ যদিও প্ৰশ্ন উঠিব পাৰে এই চাণক্য কোন আছিল? তেওঁ এজন প্ৰাচীন ভাৰতীয় অৰ্থনীতিবিদ দাৰ্শনিক আৰু ৰাজ উপদেষ্টা। তেওঁ প্ৰাচীন তক্ষশীলা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু ৰাজনীতিৰ অধ্যাপক আছিল। তেওঁৰ নীতিৰ বৈশিষ্ট্য হ’ল যে ইয়াত সত্যবোৰ অতি সহজ ভাষাত প্ৰকাশ কৰা হয় যিটো আজিও প্ৰাসংগিক। তেওঁৰ নীতি অনুসৰণে জীৱনৰ অৰ্থ উন্মোচন কৰিব।

আমাৰ মনত প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে “মই কেতিয়াও কোনো ভুল কৰা নাই, তথাপিও সৎ মানুহে প্ৰতিটো খোজতে কিয় সমস্যাৰ সন্মুখীন হ’ব লাগে?” তেনেহ’লে মানুহ হিচাপে আমি কেনেকুৱা হোৱা উচিত?

আচাৰ্য চাণক্যই কয় যে এজন পুৰুষ কেতিয়াও অতি বেছি সৎ হ’ব নালাগে। তাৰ অৰ্থ এইটো নহয় যে আমি স্বাৰ্থপৰ হম।

এই নীতিৰ দ্বাৰা তেওঁ বুজাব বিচাৰিছে যে যদি কোনো ব্যক্তি অতি সহজ আৰু সৎ হয়, তেন্তে তেওঁৰ চাৰিওফালে ঘূৰি ফুৰা মুখাপিন্ধা মানুহবোৰে প্ৰথমে তেওঁৰ ক্ষতি কৰিব। যিসকলে স্বাৰ্থ নোহোৱাকৈ আৰু কোনো সংকোচ নোহোৱাকৈ সহায়ৰ হাত আগবঢ়ায়, সকলোকে আপোন কৰি লয়, অসাধু লোকসকলে সেই সুযোগৰ সুবিধা ল’ব। পিছত তেওঁক বিশ্বাসঘাতকতা কৰিব।

গতিকে তেওঁৰ কথা হ’ল যিসকল মিছলীয়া আৰু প্ৰতাৰক, তেনে মানুহৰ লগত কেতিয়াও সৎভাৱে সংগ দিব নালাগে। আৰু তেওঁলোকৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলগীয়া হ’লেও দূৰত্ব বজাই ৰাখিব লাগে।

Related News