জীৱনত সফলতা পাবলৈ এই ৫ টা বস্তু ত্যাগ কৰাটো জৰুৰী; জানি লওক চানক্যৰ পৰামৰ্শ

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

জীৱনৰ সকলো বাধা আঁতৰাই কেনেকৈ সফলতা লাভ কৰিব পাৰি সেই সম্পৰ্কত চাণক্যই অতি বাস্তৱিকভাৱে পৰামৰ্শ আগবঢ়াইছে। প্ৰাচীন ভাৰতৰ এই সৰ্বজ্ঞানী পণ্ডিতগৰাকীৰ পৰামৰ্শই আজিও আমাৰ জীৱনশৈলীৰ পথ প্ৰদৰ্শক হৈ আছে। চাণক্যই তেওঁৰ নীতি বিষয়ক গ্ৰন্থ চাণক্য নীতিত কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। তাতেই তেওঁ সফলতাৰ সঠিক পথ বিচাৰি পাইছে।

চাণক্যই কৈছে যে আমাৰ জীৱন বাটত বহুতো বাধা আছে। যদি আপুনি জীৱনত সফলতা লাভ কৰা নাই বুলি গম পায়, তেন্তে আপুনি কাম কৰাৰ ধৰণ সলনি কৰিব লাগিব। চাণক্যই জীৱনত পাঁচটা বস্তু ত্যাগ কৰিবলৈ কৈছে । তেতিয়া নিশ্চয় সফলতা লাভ কৰিব। এই পাঁচটা বস্তু কি জানি লওক-

ভয়

যদি আপোনাৰ সন্মুখত এটা ডাঙৰ লক্ষ্য থাকে তেন্তে প্ৰথমতে বিফল হোৱাৰ সম্ভাৱনাও বেছি। আপোনাৰ মনত থকা ভয়টোৱেই এই বিফলতাৰ কাৰণ। চাণক্য নীতি অনুসৰি ভয় আমাৰ মনৰ কল্পনাৰ বাহিৰে আন একো নহয়। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ’ব বিচাৰে তেন্তে কঠোৰ ব্যৱস্থা ল’বলৈ ভয় নকৰিব। সঠিক পৰিকল্পনা কৰি লক্ষ্যৰ দিশে আগবাঢ়ক।

আনৰ কথা

কোনো কামেই ডাঙৰ বা  সৰু নহয়। চাণক্যই কয়, যিটো কামত আপুনি আগ্ৰহী আৰু যিটো কাম কৰিবলৈ আপোনাৰ সামৰ্থ্য আছে, সেই কামত আপোনাৰ সম্পূৰ্ণ মন প্ৰাণ দিয়ক। কোনে কি কৈছে নুশুনিব। মানুহৰ কথা শুনিলে লাভ নহয়, বৰং ক্ষতিঙ হয়।

নেতিবাচক চিন্তা

সাধাৰণ পৰিয়ালৰ পুত্ৰ চন্দ্ৰগুপ্তক চাণক্যই তেওঁৰ কূটনৈতিক বুদ্ধিমত্তাৰে মগধৰ সিংহাসনত প্ৰতিষ্ঠা কৰিছিল। এই ঘটনাই আমাক দেখুৱাইছে যে যদি আপুনি নিজকে বিশ্বাস কৰে তেন্তে আপুনি সমগ্ৰ পৃথিৱীখন জয় কৰিব পাৰে। গতিকে সফল হ’বলৈ মনৰ পৰা সকলো নেতিবাচক চিন্তা আঁতৰাই নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক।

ভৱিষ্যতক লৈ চিন্তা

চাণক্যৰ পৰামৰ্শ মতে এজন সফল ব্যক্তিয়ে নিজৰ বৰ্তমান জীৱনত সঠিক পদক্ষেপ লৈ আগবাঢ়ি যায়। গতিকে ভৱিষ্যতৰ বিষয়ে অসাৰভাৱে চিন্তা কৰাৰ পৰিৱৰ্তে অতীতৰ পৰা শিক্ষা লৈ বৰ্তমানৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰক। তেতিয়াহে ভৱিষ্যত সুন্দৰ হ’ব।

অহংকাৰ

অহংকাৰে আমাক জীৱনৰ পথত আগবাঢ়ি যোৱাত বাধা দিয়ে। সফলতা লাভ কৰাটো যিমান কঠিন, সেই সাফল্য ধৰি ৰখাটো আৰু কঠিন। কাৰণ আমি এবাৰ সফলতা লাভ কৰিলেই গৰ্ব আৰু অহংকাৰ আমাৰ মনত গঢ় লৈ উঠে। আৰু মানুহৰ পতন আৰম্ভ হয় এই অহংকাৰৰ পৰা। সেয়ে, সফলতা ধৰি ৰাখিবলৈ অহংকাৰ ত্যাগ কৰিব লাগিব।