প্ৰাচীন কালত চাণক্যই ৰচনা কৰা নীতিসমূহ আজিও অতি প্ৰাসংগিক। আজিও চাণক্যৰ নীতিয়ে আমাক জীৱনৰ বহু কঠিন পৰিস্থিতিত আগবাঢ়ি যোৱাত সহায় কৰে। মানৱ জীৱনৰ কিছুমান বিশেষ ক্ষেত্ৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই কথা তেওঁ আঙুলিয়াই দিছে।
সেয়েহে শ শ বছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁৰ কথাবোৰ অমৰ হৈয়েই আছে আৰু আজিও মানুহৰ জীৱনত সমানে ফলপ্ৰসূ। চাণক্য নীতিত বহু কথাই কোৱা হৈছে, যিবোৰ মানি চলিলে জীৱনৰ যিকোনো সমস্যাৰ পৰা ওলাই আহিব পাৰি।
এজন পণ্ডিত, শিক্ষক, কূটনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ হিচাপে চাণক্যৰ সুনাম অসীম। চাণক্য নীতি অনুসৰি প্ৰতিজন পুৰুষে নিজৰ শত্ৰুক চিনি পোৱা উচিত। আমাৰ চৌপাশে শত্ৰুৰ তুলনাত অধিক বিপদজনক মানুহ আছে। কাৰ পৰা সদায় আঁতৰি থাকিব লাগে জানো আহক।
কাৰ পৰা দূৰত্ব বজাই ৰাখিব?
চাণক্য নীতিত লিখা এটা শ্লোকত কোৱা হৈছে যে জীৱনত ভুলতো শত্ৰুৰ পৰা সহায় ল’ব নালাগে। শ্লোকটো হ’ল –
না পশ্যতি চ জন্মান্ধ: কামান্ধো নৈৱ পশ্যতি |
মদোন্মত্তা ন পশ্যন্তি অর্থী দোষং ন পশ্যতি ||
অৰ্থাৎ অন্ধ হৈ জন্ম হোৱা ব্যক্তিয়ে যেনেকৈ একো দেখা নাপায়, তেনেকৈ কামাতুৰ আৰু ক্ৰোধত মত্ত লোকেও একো দেখা নাপায়। এজন অহংকাৰী ব্যক্তিয়ে কেতিয়াও নাভাবে যে তেওঁ কিবা ভুল কৰি আছে। আৰু যিসকলে কেৱল ধনৰ পিছত দৌৰিছে, তেওঁলোকে নিজৰ কৰ্মত কোনো পাপ দেখা নাপায়।
খঙাল মানুহৰ পৰা আঁতৰি থাককঃ
আচাৰ্য চাণক্যৰ মতে, যিজন ব্যক্তিয়ে কথাই কথাই খং কৰে বা ক্ৰোধান্বিত হয় আৰু কামুক স্বভাৱৰ হয়, তেনে ব্যক্তিৰ পৰা ভুলতেও সাহায্য লোৱা উচিত নহয়। এনে লোকে নিজৰ ইচ্ছা পূৰণৰ বাবে সদায় আনৰ ক্ষতি কৰে। আৰু তেওঁলোকে ইয়াক উপভোগ কৰে।
ঈৰ্ষাপৰায়ণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখকঃ
চাণক্য নীতি অনুসৰি যি দুষ্ট আৰু লোভী তেওঁলোকে আনৰ সমৃদ্ধি দেখি ঈৰ্ষা কৰে। এনে লোকৰ পৰা কেতিয়াও জীৱনত সহায় লোৱা উচিত নহয়। তেওঁলোকে দেখুৱাই আপোনাক সহায় কৰিব, কিন্তু গোপনে আপোনাৰ কাম ধ্বংস কৰিবলৈ চেষ্টা কৰিব।
স্বাৰ্থপৰ মানুহৰ পৰা আঁতৰি থাককঃ
চাণক্য নীতি অনুসৰি স্বাৰ্থপৰ লোকে জীৱনত নিজৰ লাভৰ বাহিৰে আন একো চিন্তা নকৰে। স্বাৰ্থৰ বাবে আনক বিপদত পেলায়। গতিকে তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল। এনে লোকে কেতিয়াও কাকো সহায় নকৰে, কেৱল মাত্ৰ নিজৰ সুবিধা বিচাৰে।