জীৱনত সফলতাৰ জখলা বগাবলৈ নিশ্চিতভাৱে বন্ধু-বান্ধৱীৰ সহায়ৰ প্ৰয়োজন। কিন্তু সেই পথত মানুহে প্ৰায়ে চিনিব নোৱাৰে কোন প্ৰকৃত বন্ধু আৰু কোন শত্ৰু। চাণক্যই এই সন্দৰ্ভত কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। চাণক্য আছিল এজন ভাৰতীয় শিক্ষক, দাৰ্শনিক, অৰ্থনীতিবিদ।
চাণক্যই কৈছে যে প্ৰতিজন মানুহৰ দুখন মুখ থাকে। এখন তেওঁৰ প্ৰকৃত মুখ আৰু আনখন সময়ৰ লগে লগে মানুহৰ যি স্বভাৱ সলনি হয় সেইখন মুখ।
তেওঁ লগতে কয় যে কোনো বন্ধুক অন্ধভাৱে বিশ্বাস কৰিব নালাগে। আকৌ কোনো বিশেষ বিষয়ৰ ওপৰত ভিত্তি কৰি কোনো বন্ধুত্ব বিশ্বাস কৰিব নালাগে। যি চাৰিটা পৰ্যায়ত মানুহক বিশ্বাস কৰা উচিত, সেই প্ৰ সংগত চাণক্যই ৪টা বিশেষ পৰামৰ্শ আগবঢ়াইছে-
১. যাৰ বহুত অহংকাৰ আছে তেওঁলোকক কেতিয়াও বিশ্বাস কৰা উচিত নহয়। তেওঁক কোনো সুযোগ দিলেই সেই সুযোগৰ অপব্যৱহাৰ কৰে।
২. আৰম্ভণিৰে পৰা কাৰো বিষয়ে কোনো মন্তব্য নকৰিব। প্ৰথম সাক্ষাততে সেইটো কৰা উচিত নহয়। আনকি তেওঁলোকৰ আগত নিজৰ বিষয়েও বেছিকৈ প্ৰকাশ নকৰিব।
৩. এজন ব্যক্তিৰ ভাল গুণেই তেওঁৰ পৰিচয়ৰ বাহক। কেতিয়াবা কাৰোবাৰ পিছত কোনো কথা ক’লে সেয়া প্ৰকাশ পাবই । গতিকে সেই বিষয়ে সচেতন থাকক।
৪. যিয়ে অনবৰতে মিছা কথা কয়, কথায় কথায় নিজৰ প্ৰশংসা কৰে তেওঁক কেতিয়াও বিশ্বাস নকৰিব।