NORTHEAST NOW (Assamese)

বন বিভাগৰ মতে হৃদক্ৰিয়া বন্ধ হৈহে ‘কৃষ্ণ’ৰ মৃত্যু; পদ্ম হাজৰিকাৰ দুখ প্ৰকাশ

November 17, 2019 7:43 pm · এন ই নাও নিউজ
কৰায়ত্ত কৰাৰ পাছত "লাডেন'। ফাইল ফটো: নৰ্থইষ্ট নাও

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰাত ধৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হাতীটো হৃদক্ৰিয়া বন্ধ হোৱা বাবে মৃত্যু হোৱা বুলি জানিবলৈ দিছে। স্থানীয় মানুহে হাতীটোক ‘লাডেন’ নাম দিয়াৰ বিপৰীতে ধৰাৰ পিছত ইয়াৰ নাম ‘কৃষ্ণ’লৈ সলনি কৰা হৈছিল।

হাতীটোক ট্ৰেংকুলাইজড কৰাৰ পিছত ১৩ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনত থকা হাতীৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ নিয়া হৈছিল আৰু আজি কাহিলি পুৱাতেই তাৰ মৃত্যু হয়।

মৰণোত্তৰ পৰীক্ষাৰ পৰা হাতীটোৰ মৃত্যুৰ এই কাৰণ সম্বন্ধে নিশ্চিত হোৱা বুলি বন বিভাগে প্ৰেছ বিজ্ঞপ্তিখনত জানিবলৈ দিছে।

বন বিভাগৰ মতে, হাতীটো প্ৰশিক্ষণ কেন্দ্ৰটোত উপযুক্ত চিকিৎসাসেৱা আৰু পৰ্য্যৱেক্ষণত আছিল আৰু মৃত্যুৰ আগলৈকে ই স্বাভাৱিকভাৱেই খাদ্য খোৱা আৰম্ভ কৰিছিল। মাউতৰ প্ৰতিও ভালদৰেই সঁহাৰি দিছিল।

বিধায়ক পদ্ম হাজৰিকাৰ ফেইচবুক পোষ্টটো।

মঙলদৈ ৱাইল্ড লাইফ ডিভিজনৰ বন বিষয়াৰ দ্বাৰা প্ৰেৰণ কৰা বিবৃতিটোত ৩.১৫ মিটাৰ উচ্চতাৰ হাতীটোৰ মৃতদেহটো প্ৰশিক্ষণ কেন্দ্ৰৰ কাষৰে এটা স্থানত বন্যপ্ৰাণী আইনৰ নিয়ম অনুসৰি সা-সন্মানে সমাধিস্থ কৰা হয় বুলি জানিবলৈ দিয়া হৈছে।

আনহাতে আজি বিধায়ক পদ্ম হাজৰিকাই তেওঁৰ ফেইচবুকৰ টাইমলাইনত হাতীটোৰ মৃত্যুৰ বাবে দুখ প্ৰকাশ কৰি এটা পোষ্ট দিছে।

বহুতে হাতীটো মৃত্যু হোৱাৰ কাৰণ ইয়াক বন্দী কৰাৰ অনুপযুক্ত পদ্ধতিক আঙুলিয়াইছে আৰু তাৰ জগৰ বিধায়কজনৰ গাতো স্বাভাৱিকতেই লাগিছে।

বন বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল থকা সত্ত্বেও বিধায়কজনে নিজে হাতী ধৰিবলৈ যোৱাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে অনেকজনে। তেওঁৰ হাতী ধৰাৰ উপযুক্ত প্ৰশিক্ষণ আৰু অনুমতি আছে নে নাই- এই প্ৰশ্নটোও উঠিছে।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই পদ্ম হাজৰিকাৰ এই ভূমিকাক কঠোৰ সমালোচনা কৰিছে আৰু ইয়াক আইন উলংঘা আখ্যা দিছে।

টুইটাৰত কিছু সংখ্যক য়ুজাৰে গোটেই কাণ্ডটোক এটা public entertainment আখ্যা দিছে।

Related News