• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন বিভাগৰ মতে হৃদক্ৰিয়া বন্ধ হৈহে ‘কৃষ্ণ’ৰ মৃত্যু; পদ্ম হাজৰিকাৰ দুখ প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 17, 2019 7:43 pm

2 min read

WhatsApp-Image-2019-11-12-at-5.18.17-PM-1024x512

কৰায়ত্ত কৰাৰ পাছত "লাডেন'। ফাইল ফটো: নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰাত ধৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হাতীটো হৃদক্ৰিয়া বন্ধ হোৱা বাবে মৃত্যু হোৱা বুলি জানিবলৈ দিছে। স্থানীয় মানুহে হাতীটোক ‘লাডেন’ নাম দিয়াৰ বিপৰীতে ধৰাৰ পিছত ইয়াৰ নাম ‘কৃষ্ণ’লৈ সলনি কৰা হৈছিল।

হাতীটোক ট্ৰেংকুলাইজড কৰাৰ পিছত ১৩ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনত থকা হাতীৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ নিয়া হৈছিল আৰু আজি কাহিলি পুৱাতেই তাৰ মৃত্যু হয়।

মৰণোত্তৰ পৰীক্ষাৰ পৰা হাতীটোৰ মৃত্যুৰ এই কাৰণ সম্বন্ধে নিশ্চিত হোৱা বুলি বন বিভাগে প্ৰেছ বিজ্ঞপ্তিখনত জানিবলৈ দিছে।

বন বিভাগৰ মতে, হাতীটো প্ৰশিক্ষণ কেন্দ্ৰটোত উপযুক্ত চিকিৎসাসেৱা আৰু পৰ্য্যৱেক্ষণত আছিল আৰু মৃত্যুৰ আগলৈকে ই স্বাভাৱিকভাৱেই খাদ্য খোৱা আৰম্ভ কৰিছিল। মাউতৰ প্ৰতিও ভালদৰেই সঁহাৰি দিছিল।

Padma Hazarika Facebook
বিধায়ক পদ্ম হাজৰিকাৰ ফেইচবুক পোষ্টটো।

মঙলদৈ ৱাইল্ড লাইফ ডিভিজনৰ বন বিষয়াৰ দ্বাৰা প্ৰেৰণ কৰা বিবৃতিটোত ৩.১৫ মিটাৰ উচ্চতাৰ হাতীটোৰ মৃতদেহটো প্ৰশিক্ষণ কেন্দ্ৰৰ কাষৰে এটা স্থানত বন্যপ্ৰাণী আইনৰ নিয়ম অনুসৰি সা-সন্মানে সমাধিস্থ কৰা হয় বুলি জানিবলৈ দিয়া হৈছে।

আনহাতে আজি বিধায়ক পদ্ম হাজৰিকাই তেওঁৰ ফেইচবুকৰ টাইমলাইনত হাতীটোৰ মৃত্যুৰ বাবে দুখ প্ৰকাশ কৰি এটা পোষ্ট দিছে।

বহুতে হাতীটো মৃত্যু হোৱাৰ কাৰণ ইয়াক বন্দী কৰাৰ অনুপযুক্ত পদ্ধতিক আঙুলিয়াইছে আৰু তাৰ জগৰ বিধায়কজনৰ গাতো স্বাভাৱিকতেই লাগিছে।

বন বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল থকা সত্ত্বেও বিধায়কজনে নিজে হাতী ধৰিবলৈ যোৱাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে অনেকজনে। তেওঁৰ হাতী ধৰাৰ উপযুক্ত প্ৰশিক্ষণ আৰু অনুমতি আছে নে নাই- এই প্ৰশ্নটোও উঠিছে।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই পদ্ম হাজৰিকাৰ এই ভূমিকাক কঠোৰ সমালোচনা কৰিছে আৰু ইয়াক আইন উলংঘা আখ্যা দিছে।

টুইটাৰত কিছু সংখ্যক য়ুজাৰে গোটেই কাণ্ডটোক এটা public entertainment আখ্যা দিছে।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd