অসম অসামৰিক সেৱাৰ বিষয়া নুপুৰ বৰাৰ খবৰে ৰাজ্যত এতিয়া খলকনি তুলিছে। গুৱাহাটী আৰু বৰপেটাৰ দুই ঘৰৰ পৰা মুঠ প্ৰায় দুই কোটি টকাৰ নগদ ধন আৰু সোণৰ অলংকাৰ উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে বিশেষ তদাৰকী কোষে তেওঁক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, এই অভিযানৰ সময়ত গুৱাহাটীৰ নুপুৰৰ ঘৰৰ পৰা নগদ ৯২ লাখ টকা আৰু প্ৰায় ১ কোটি টকাৰ গহনা উদ্ধাৰ কৰা হৈছে। বৰপেটাৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হৈছে নগদ আন ১০ লাখ টকা।
নুপুৰৰ জন্ম ১৯৮৯ চনৰ ৩১ মাৰ্চত গোলাঘাট জিলাত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ২০১৯ চনত অসম অসামৰিক সেৱাত যোগদান কৰে। তাৰ আগতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ত প্ৰবক্তা হিচাপে কাম কৰিছিল।
ইয়াৰ পিছত ২০১৯ চনৰ মাৰ্চ মাহৰ পৰা তেওঁৰ প্ৰশাসনিক জীৱন আৰম্ভ হয়। প্ৰথম কাৰ্বি আংলং জিলাৰ সহকাৰী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে। ২০২৩ চনৰ জুন মাহলৈকে সেই কৰ্তব্য পালন কৰাৰ পিছত বৰপেটাত চক্ৰ বিষয়া হিচাপে বদলি হয়। তাৰ পিছত তেওঁক কামৰূপ জিলালৈ বদলি কৰা হয়। বৰ্তমান তেওঁ কামৰূপ জিলাৰ গৰৈমাৰীত চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল।
অভিযোগ অনুসৰি মাত্ৰ ছবছৰ চৰকাৰী সেৱাত কটোৱা নুপুৰ বৰাই বিপুল সম্পত্তিৰ মালিক হৈ পৰিছে। চৰকাৰী দৰমহাৰ তুলনাত তেওঁৰ উপাৰ্জন অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ভূমি, নগদ ধন আৰু অন্যান্য সম্পত্তি অধিগ্ৰহণক লৈ প্ৰশ্ন উত্থাপন হৈছে।
বিশেষ তদাৰকী শাখাই তেওঁৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত বৰপেটা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী সুৰজিৎ ডেকাৰ ঘৰতো তালাচী চলায়। অভিযোগ অনুসৰি বৰপেটাত চক্ৰ বিষয়া হৈ থকা সময়ত নুপুৰ বৰাৰ সহায়ত তেওঁ কেইবাঠাইতো মাটি ক্ৰয় কৰিছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নুপুৰ বৰাক ছমাহ ধৰি নিৰীক্ষণ কৰি আছিল। অভিযোগ অনুসৰি, তেওঁ বিতৰ্কিত ভূমি গোচৰৰ সৈতে জড়িত আছিল। সম্প্ৰতি সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে। ইয়াৰ লগত আৰু বহু লোক জড়িত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিভাগটোৱে সময়ে সময়ে নুপুৰ বৰাৰ বিৰুদ্ধে মাটি বিক্ৰীৰ অভিযোগ লাভ কৰি আহিছে। তেওঁ কয় যে বৰপেটা জিলাত চক্ৰ বিষয়া হিচাপে কাম কৰি থকাৰ সময়তে নুপুৰ বৰাই মিঞা বুলি উল্লেখ কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ নামত চৰকাৰী আৰু সত্ৰৰ মাটি অবৈধভাৱে পঞ্জীয়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।
অসম আৰু বাংলাদেশত বাংলাভাষী মুছলমানক মিঞা বুলি কোৱা হয়। বিজেপিয়ে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী বুলি লক্ষ্য কৰি লৈছে। বিজেপিৰ দাবী, তেওঁলোকে বাংলাদেশৰ পৰা গোপনে এই দেশত প্ৰৱেশ কৰিছে। এই জনসংখ্যাৰ মানুহে প্ৰকৃত অসমীয়া বাসিন্দাৰ মাটি-ঘৰ কাঢ়ি নিছে বুলিও প্ৰচাৰ চলাইছে বিজেপিয়ে।
নূপূৰ বৰাৰ বিৰুদ্ধে সোমবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা তালাচী অভিযান এতিয়াও অব্যাহত আছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এজাহাৰত উল্লেখ আছে যে নুপুৰে মাটি ক্ৰয় আৰু পঞ্জীয়ন সম্পৰ্কীয় এখন ৰেট কাৰ্ড প্ৰস্তুত কৰিছিল। য’ত উৎকোচৰ পৰিমাণ আছিল ১৫০০ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত। অভিযোগ অনুসৰি, ভূমিৰ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত আৰু কৰ্তনৰ বাবে এই ধন নুপুৰে লৈছিল।