NORTHEAST NOW (Assamese)

২৪ বছৰ পুৰণি গোচৰৰ বাবে পৰিবেশকৰ্মী মেধা পাটকাৰক ৫ মাহৰ কাৰাদণ্ড

July 1, 2024 5:56 pm · এন ই নাও নিউজ, গুৱাহাটী

সমাজকৰ্মী মেধা পাটকাৰৰ বিৰুদ্ধে ২৪ বছৰীয়া পুৰণা মানহানিৰ গোচৰত সোমবাৰে দিল্লীৰ আদালতে ৫ মাহৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে৷২৪বছৰ পূৰ্বে এই গোচৰ ৰুজু কৰিছিল বৰ্তমান দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই। লগতে আদালতে পাটকাৰক ছাক্সেনাক ১০ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

এই গোচৰত মেধা পাটকাৰক চলিত বৰ্ষৰ মে’ মাহত দণ্ডাধীশ ৰাঘৱ শৰ্মাৰ আদালতে দোষী সাব্যস্ত কৰিছিল। ২০০০ চনৰ পৰা ছাক্সেনাৰ বিৰুদ্ধে আইনী যুঁজত আবদ্ধ হৈ আছিল ছাক্সেনা আৰু নৰ্মাদা বচাও আন্দোলনৰ বিৰুদ্ধে বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে মামলা দাখিল কৰিছিল।

ছাক্সেনাই টিভি চেনেলত তেওঁৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি মানহানিকাৰক বিবৃতি দিয়াৰ অভিযোগতো দুটা গোচৰ ৰুজু কৰিছিল।

সোমবাৰে এই নিৰ্দেশ ঘোষণা কৰি আদালতে কয় যে বয়স আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৬৯ বছৰীয়া পাটকাৰক কঠোৰ কাৰাদণ্ড দিয়া হোৱা নাছিল।

আদালতৰ সন্মুখত জামিন আবেদন দাখিল কৰিছে পাটকাৰে। জামিন আবেদনৰ শুনানি নোপোৱালৈকে ৩০ দিনৰ বাবে কাৰাদণ্ড স্থগিত ৰখা হ’ব।

Related News