NORTHEAST NOW (Assamese)

আদিল হুছেইনৰ ভতিজী মেঘনা চিহ্নিত হৈছে ‘ডি’ ভোটাৰৰূপে, নাম নাই এন আৰ চিত

August 24, 2018 7:24 pm · এন ই নাও নিউজ

অসমৰ অভিনেতা আদিল হুছেইনৰ ভতিজী মেঘনা চাহি চিহ্নিত হৈছে সন্দেহজনক ভোটাৰ (ডি ভোটাৰ) হিচাপে। যোৱা ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা নাই ৩০ বছৰীয়া মহিলাগৰাকীৰ নাম।

এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাত হতাশা ব্যক্ত কৰি মেঘনাই কয় যে বৈধ সকলো নথি জমা দিয়াৰ পিছতো তেওঁক ‘সন্দেহজনক ভোটাৰ’ৰূপে চিহ্নিত কৰা হৈছে।

তাৎপৰ্য্যপূৰ্ণ ১৯৯৭ চনতে মেঘনাই ভোটাৰ পৰিচয় পত্ৰ পাইছিল আৰু তেওঁ দুবাৰ ভোটদানো কৰিছে। এতিয়া বিদেশী ন্যায়াধিকৰণে ন্যায় দিব বুলি আশা কৰিছে মহিলাগৰাকীয়ে।

সমগ্ৰ ঘটনাটোতে আশ্বৰ্য্য প্ৰকাশ কৰিছে মেঘনাৰ দেউতাক আজাদ হুছেইনে।

‘মোৰ ছোৱালীৰ নাম পঞ্জীত অহা নাই, অথচ খোদ মোৰ আৰু মোৰ দেউতাৰ নাম অন্তৰ্ভুক্ত হৈছে,’ আজাদে কয়।

মেঘনাই জনাই যে তেওঁৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাক লৈ খুৰাক আদিল হুছেইনো খুবেই চিন্তিত হৈ আছে। ব্যস্ততা সত্বেও অভিনেতা হুছেইনে কেইবাবাৰো তেওঁক ফ’নযোগে খবৰ লোৱা বুলিও মেঘনাই জানিবলৈ দিছে।

Related News