• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ জনপ্ৰিয়তা এতিয়া নাই, গতিকে ৰাজনীতি বাজপেয়ীৰ অস্থিক লৈয়ে কৰিছে বিজেপিয়ে : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 24, 2018 7:45 pm
Tarun Gogoi

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অতলবিহাৰী বাজপেয়ীৰ গুণানুকীৰ্তন পূৰ্বতে মোদীৰ মুখৰ পৰা শুনা নাছিলো। জীৱিত কালত বাজপেয়ীক অলপো গুৰুত্ব দিয়া নাছিল। এতিয়া বাজপেয়ীৰ অস্থিক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে।”

এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। আজি নিজৰ বাসভৱনতে আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজন বিজেপি আৰু মোদীৰ শাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

Apply Now

তৰুণ গগৈয়ে মোদীৰ প্ৰতিশ্ৰুতিবোৰ মনত পেলাই দি কয়, “১৫ লাখকৈ টকা প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত সোমাব, প্ৰতি বছৰে ২ কোটি চাকৰি সৃষ্টি, সবকা সাথ সবকা বিকাশ এই সকলোবোৰ মিছা।”

ইফালে বাজপেয়ীক নিজে শ্ৰদ্ধা কৰিছিল বুলি কৈ কয়, “বাজপেয়ীৰ মাইনাছ পইন্ট তেওঁ নিযুক্তি বন্ধ কৰি ৰাখিছিল। তথাপি তেওঁক শ্ৰদ্ধা কৰো।”

আনহাতে, বিতৰ্কিত ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত মোদী চৰকাৰে দেশবাসীক আঁৰত ৰখা বাবেও সমালোচনা কৰে। “পূৰ্বৰ তুলনাত ৰাফেল বিমানৰ মূল্য তিনিগুণ বাঢ়িল। ৰাফেল বিমান ক্ৰয়ৰ চুক্তিপত্ৰখনত প্ৰধান মন্ত্ৰীয়ে নিজেই চহী কৰিছে। এনেধৰণৰ ডীলত প্ৰধান মন্ত্ৰীয়ে চহী কৰাৰ নজিৰ নাই। মোদীয়ে প্ৰথম। ফ্ৰান্সত গ’লেও আম্বানিক লগত লৈ যায়।” এইদৰে কয় গগৈয়ে।

মোদীৰ নেতৃত্বত বিজেপিৰ দুৰ্নীতিতো প্ৰশ্ন উঠায় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। ‘আটাইতকৈ ব্যয়বহুল দলীয় কাৰ্যালয় বিজেপিৰে আছে। দলে টকা ক’ৰ পৰা পায় যদি দুৰ্নীতি নকৰে?’ এই বুলি কয় গগৈয়ে।

বিমুদ্ৰাকৰণ, জি এছ টিৰ জৰিয়তে মোদীয়ে সৰু সৰু ব্যৱসায়ী, ঠিকাদাৰক মাধমাৰ মাৰিলে বুলি অভিযোগ কৰে গগৈয়ে।

বিদেশী সন্দৰ্ভত বিজেপিৰ স্থিতিক আক্ৰমণ কৰি কয়, “বিদেশী খেদিব বিচাৰিছে নে ৰাখিব বিচাৰিছে? ৱৰ্ক পাৰ্মিট দিলে বিদেশীসকলক একেবাৰে ভাৰততে স্থায়ীভাৱে থাকিব দিব লাগে।”

সংবাদমেলখনত অংগনৱাড়ী কেন্দ্ৰবোৰত হোৱা কেলেংকাৰিৰ তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় গগৈয়ে। “অংগনৱাড়ী কেন্দ্ৰসমূহত হোৱা কেলেংকাৰিৰ তদন্ত কৰিব লাগে। মেনকা গান্ধীয়ে নিজেই কেলেংকাৰি থকাৰ কথা স্বীকাৰ কৰিলে। মেনকাই অভিযোগ আনিছে যেতিয়া চি বি আই তদন্ত হ’ব লাগে। মোৰ দিনতো যদি কেলেংকাৰি হৈছিল তেন্তে কৰক তদন্ত। মোৰ কোনো আপত্তি নাই।” এইদৰে কয় গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd