NORTHEAST NOW (Assamese)

বয়স মাত্ৰ ৪৭ বছৰ! হঠাতে হৃদৰোগত আক্ৰান্ত অভিনেতা শ্ৰেয়াছ তালপাড়ে! এতিয়া কেনে আছে?

December 15, 2023 8:54 am · এন ই নাও নিউজ, গুৱাহাটী

বলীউদৰ জনপ্ৰিয় অভিনেতা শ্ৰেয়াছ তালপাড়ে হৃদৰোগত আক্ৰান্ত হৈছে। বৰ্তমান তেওঁৰ বয়স মাত্ৰ ৪৭ বছৰ! এই বাতৰি বিয়পি পৰাৰ পিছতে স্তম্ভিত হৈ পৰিছে বলীউদ।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া তেওঁ হৃদৰোগত আক্ৰান্ত হয়। শুকুৰবাৰে মুম্বাইৰ আন্ধেৰীৰ বেলভিউ হাস্পতালত এঞ্জিওপ্লাষ্টি কৰা হৈছে।

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, আজি নিশা ১০ বজাত অভিনেতাজনৰ এঞ্জিওপ্লাষ্টি কৰা হয়। শৰীৰৰ অৱস্থা সুস্থিৰ।

লগতে পঢ়কঃ বিধ্বংসী ৰূপত সূৰ্যৰ শতক আৰু কুলদীপৰ ঘূৰ্ণীত দিশহাৰা প্ৰোটিয়াছ; ড্ৰ’ৰে সামৰণি টী-২০ শৃংখলাৰ

জানিব পৰা মতে, বুধবাৰে গোটেই দিনটো “ৱেলকাম টু দ্য জংগল”ৰ চেটত শ্বুটিঙত ব্যস্ত আছিল শ্ৰেয়াছ। তেওঁ সম্পূৰ্ণ সুস্থ আছিল। চেটত উপস্থিত থকা আনসকলৰ লগত তেওঁ ধেমালি কৰি আছিল। আনকি কিছুমান একচন দৃশ্যও শ্বুট কৰিছিল।

সংবাদ মাধ্যমৰ আগত অভিনেতাগৰাকীৰ প্ৰতিনিধিয়ে কয় যে তেওঁ শ্বুটিং কৰি ঘৰলৈ উভতি আহিছিল। পত্নীক কৈছিল যে তেওঁৰ অস্বস্তি অনুভৱ হৈছে। বুকুৰ বিষ আৰু উশাহ-নিশাহৰ কষ্ট অনুভৱ কৰিবলৈ ধৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

লগতে পঢ়কঃভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰম অসন্মান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ

হিন্দী আৰু মাৰাঠী ছবিৰ জনপ্ৰিয় অভিনেতা শ্ৰেয়াছ। ২০০৫ চনত তেওঁ “ইকবাল” ছবিত এজন ব্যতিক্ৰমীভাৱে সক্ষম খেলুৱৈৰ চৰিত্ৰত অভিনয় কৰে। ছবিখনত শ্ৰেয়াসৰ সৈতে নাছিৰুদ্দিন শ্বাহেও অভিনয় কৰিছিল। 

Related News