বিশিষ্ট অভিনেতা সুৰেন মহন্তৰ বিয়োগ; মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

Suren Mahanta

সুৰেণ মহন্ত

ভ্ৰাম্যমান নাট্যজগতৰ বলিষ্ঠ অভিনেতা সুৰেন মহন্ত আৰু নাই। সুদীৰ্ঘ সময় ধৰি অসমীয়া নাট্য জগতলৈ নিজৰ অভিনয়েৰে অৱদান আগবঢ়াই অহা অভিনেতা গৰাকীয়ে বুধবাৰে নিশা তেজপুৰৰ এখন চিকিৎসালয় শেষ নিশ্বাস ত্যাগ কৰে।

শিৱসাগৰৰ চেপনত নাটক কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰা অভিনেতা গৰাকীক সুস্থ কৰি তোলাৰ বাবে চিকিৎসকে প্ৰচেষ্টা অব্যাহত ৰাখিলেও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়।

বিশিষ্টি অভিনেতা সুনেন মহন্তৰ বিয়োগত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক ব্যক্ত কৰে।

আজি এক শোকবাৰ্তা যোগে সোণোৱালে প্ৰয়াত মহন্তই সুদীৰ্ঘকাল ধৰি নাট্য জগতৰ লগত জড়িত থাকি ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰলৈ যি অৰিহণা আগবঢ়াই গৈছে সেয়া জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি কয়।

প্ৰয়াত সুৰেন মহন্তই তেওঁৰ জীৱনকালত বহু সংখ্যক অপেচাদাৰী নাটকৰ লগতে ভ্ৰাম্যমান থিয়েটাৰৰ বহু মঞ্চসফল, জনপ্ৰিয় নাটকত বলিষ্ঠ অভিনয় কৰি গৈছে।

প্ৰয়াত অভিনেতা গৰাকীয়ে দুৰদৰ্শনৰ নাটকৰ লগতে কেইবাখনো চলচ্চিত্ৰতো অভিনয় কৰিছিল।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে মহন্তৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি হিচাপে উল্লেখ কৰি সুৰেন মহন্তৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।