পশ্চিম বংগত শিৰত ডগমগীয়া সেন্দূৰ লৈ দুৰ্গালৈ সেৱা “মুছলমান” অভিনেত্ৰীৰ

Nusarat Jahan

অষ্টমীৰ দিনা কলকাতাত নুছাৰত জাহান।

হিন্দু-মুছলমানৰ সমন্বয়ত দেশৰ ভিতৰতে উৎকৃষ্ট উদাহৰণ কঢ়িয়াই থকা পশ্চিম বংগৰ কলকাতাত আজি মহা অষ্টমীৰ দিনটোত দেৱী দুৰ্গাৰ সন্মুখত সেৱা আগ বঢ়ায় মুছলমান অভিনেত্ৰী তথা তৃণমূলৰ সাংসদ নুছাৰত জাহানে।

সুৰুচি সংঘ পূজা মণ্ডপৰ পূজাথলীত তেওঁক সংগ দিছিল স্বামী নিখিল জৈনে, যি পেচাত এজন ব্যৱসায়ী আৰু ধৰ্মত জৈন।

সাংসদগৰাকীৰ দীঘল সেওঁতাজুৰি ৰঙা সেন্দূৰে দগমগাই আছিল আৰু তেওঁৰ শাৰীখনো আছিল ৰঙা।

সেৱা আগ বঢ়োৱাৰ পিছত পূজাথলীত আন বহুতৰ সৈতে নুছাৰত জাহানে তেওঁৰ স্বামীয়ে নিখিল জৈনে বজোৱা ঢাকৰ তালত এপাক নাচেও।

পিছত পূজাৰ ফটো নিজৰ টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ টাইমলাইনত আপল’ডো কৰে অভিনেত্ৰী, সাংসদগৰাকীয়ে।

ধৰ্মীয় অসহিষ্ণুতা আৰু গোড়া চিন্তাধাৰাক নিৰুৎসাহিত কৰিব পৰা ঘটনাটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ঠাই পাইছে।

পশ্চিম বংগত দুৰ্গা পূজা কেৱল আধ্যাত্মিক পূজা নহয়, হিন্দু-মুছলমান নিৰ্বিশেষে বাঙালীৰ ই জাতীয় উৎসৱ, নুছাৰতে আওপকীয়াকৈ প্ৰমাণ কৰে।

বাংলা চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী যোৱা লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ বছিৰহাট সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল।

তেওঁ বিজেপিৰ প্ৰতিদ্বন্দ্বীগৰাকীক প্ৰায় ৩,৫০,০০০টা ভোটত পৰাজিত কৰিছিল।