Attack on Hindu at Bangladesh: গৰজি উঠিল বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰছিদ মিথিলা

বিজয়া দশমীৰ দিনা বাংলাদেশত মৌলবাদীয়ে হিন্দু লোকৰ ওপৰত চলোৱা আক্ৰমণকলৈ দেশ খনৰ লগতে ভাৰততো প্ৰতিক্ৰিয়া অব্যাহত আছে।

এনে সময়তে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে ফেচবুকত গৰজি উঠিল দেশ খনৰ জনপ্ৰিয় অভিনেত্ৰী ৰাফিয়াৎ ৰছিদ মিথিলা।

ফেচবুকত দিয়া পোষ্টত মিথিলাই কৈছে— ধৰ্মৰ নামত লুণ্ঠন বন্ধ হওঁক । ঘৃণাৰ ব্যৱসায় বন্ধ হওঁক। সকলোৰে ওপৰত মানুহ, মানৱতা সত্য হওঁক। ভৱিষ্যত প্ৰজন্মৰ সুন্দৰ জীৱনৰ বাবে এখন শান্তিপূৰ্ণ পৃথিৱী গঢ়াটো আমাৰ কৰ্তব্য।

বাংলাদেশৰ মৌলবাদী শক্তিলৈ ভয় নকৰি অভিনেত্ৰী গৰাকীয়ে ফেচবুকত দিয়া এনে পোষ্টে এতিয়া ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ধৰ্মান্ধ লোকৰ বিৰুদ্ধাচৰণ কৰিয়েই এদিন তচলিমা নাচৰিণৰ দৰে লেখিকাই দেশ খন ত্যাগ কৰিবলগীয়া হৈছিল।

বহু ব্লগাৰক মৌলবাদীয়ে হত্যা কৰিছে। ইমানৰ পিছতো মিথিলাই মৌলবাদী শক্তিৰ বিৰুদ্ধে থিয় দিয়াৰ কথাই বহুতকে অভিভূত কৰি তুলিছে। উল্লেখ্য

বিজয়া দশমীৰ দিনা বাংলাদেশৰ মন্দিৰত আক্ৰমণ চলাইছিল মৌলবাদীয়ে। বাংলাদেশৰ নোৱাখালিত থকা ইছকন মন্দিৰত দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলাইছিল।

ইছকনৰ ফালৰ পৰা মন্দিৰৰ কিছুমান সা-সামগ্ৰী জ্বলাই দিয়াৰ অভিযোগ কৰা হৈছিল। তদুপৰি, মন্দিৰত থকা ভক্তক প্ৰহাৰ কৰা বুলিও অভিযোগ কৰা হৈছিল।

নোৱাখালিৰ চৌমুহনীত প্ৰায় ২০০জন দুস্কৃতিকাৰীৰ এটা দলে মন্দিৰত আক্ৰমণ চলায়। দেশখনৰ ক্ষমতাত থকা আৱামী লীগৰ নেতাই এই আক্ৰমণৰ নেতৃত্ব দিয়া বুলি কোৱা হৈছে।

আক্ৰমণৰ ঘটনাত পাৰ্থ দাস নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অসমৰ্থিত সূত্ৰৰ মতে নিহতৰ সংখ্যা চাৰিজন।

আনহাতে, বাংলাদেশৰ বিভিন্ন স্থানত মন্দিৰ তথা মণ্ডপত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত চট্টগ্ৰামত বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ঐক্য পৰিষদে ধৰ্মঘটৰ আহ্বান জনাইছিল।

ইছকনৰ ফালৰ পৰা কৰা টুইটত কোৱা হৈছিল,’’ বাংলাদেশৰ নোৱাখালিত ইছকন মন্দিৰ তথা ভক্তৰ ওপৰত এক হিংসাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হয়। আক্ৰমণৰ ফলত মন্দিৰৰ ক্ষতি হোৱাৰ লগতে এজন ভক্তক নৃশংসভাৱে হত্যা কৰা হৈছে।‘’
উল্লেখযোগ্য যে অষ্টমীৰ দিনাও কুমিল্লাৰ বহু পূজা মণ্ডপ, মন্দিৰ তথা মূৰ্তি ভাঙি পেলোৱাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছিল। তাৰপাছতে বাংলাদেশৰ ২২খন জিলাত বিজিবি বাহিনী মোতায়েন কৰা হয়।

কুমিল্লাৰ ঘটনাত বহুকেইজনক আটক কৰা হৈছে। দেশখনত শেহতীয়াকৈ সাম্প্ৰদায়িক সংঘৰ্ষ তথা আৰক্ষীৰ গুলীত ৪জন লোক নিহত হৈছে।

আজি হিন্দু লোকক আক্ৰমণ কৰাৰ ঘটনাৰ সৈতে জৰিত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।