ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় জনপ্ৰিয় অভিনেত্ৰী স্বৰা ভাস্কৰ। কেৱল চিনেমাৰ কথাই নহয় ৰাজনৈতিক বিষয়ৰ সম্পৰ্কতো এক্স (টুইটাৰ)ত পোষ্ট দিয়া দেখা যায় স্বৰাক। অৱশ্যে এইবাৰ ৰাজনৈতিক বিষয়ত পোষ্ট কৰাৰ বাবেই চিৰদিনলৈ বন্ধ কৰা হ’ল অভিনেত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট।
যোৱা গণৰাজ্য দিৱসত গান্ধীজীৰ বিষয়ে পোষ্ট কৰিছিল স্বৰা ভাস্কৰে। এই পোষ্টক কেন্দ্ৰ কৰিয়েই তেওঁৰ টুইটাৰ একাউণ্ট স্থায়ীভাবে বন্ধ কৰি দিয়া হ’ল বুলি জানিবলৈ দিছে টুইটাৰে।
অভিনেত্ৰীগৰাকীয়ে নিজেই ইনষ্টাগ্ৰামত এক দীঘলীয়া পোষ্টযোগে এই কথা ঘোষণা কৰিছে। স্বৰাই গণৰাজ্য দিৱসত দুটাকৈ পোষ্ট কৰিছিল। সেই দুটাৰ বিৰুদ্ধে টুইটাৰে কপিৰাইটৰ অভিযোগ দাখিল কৰিছে। তাৰ পিছত তেওঁৰ টুইটাৰ হেণ্ডেল বন্ধ কৰি দিয়া হৈছে।
ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্টত ক্ষোভ প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, “প্ৰিয় এক্স, মই পোষ্ট কৰা দুখন ফটোত কপিৰাইট উলংঘাৰ অভিযোগ উত্থাপন হৈছে। ফলত আপোনালোকে মোৰ একাউণ্টটো স্থায়ীভাৱে বাতিল কৰাৰ সিদ্ধান্ত লৈছে। মোৰ এখন ছবিত কমলা ৰঙৰ ওপৰত দেৱনাগৰী ভাষাত লিখা আছিল, ‘গান্ধী হুম শৰ্মিন্দ হায়, তেৰে কাটিল জিন্দা হায়’। এইটো অতি পৰিচিত শ্লোগান। ইয়াত কপিৰাইট উলংঘাৰ বিষয়টো ক’ৰ পৰা আহিছে?, দ্বিতীয়খন ছবি আছিল অভিনেত্ৰীগৰাকীৰ কন্যাৰ। স্বৰাই লিখিছে, “দ্বিতীয় ছবিখন মোৰ নিজৰ জীয়ৰীৰ আছিল। তাইৰ মুখখন ইমোজিৰে আৱৰি দিয়া হৈছিল। তাই হাতত লৈ আছিল ভাৰতীয় জাতীয় পতাকা। কেপশ্যনত লিখা আছিল ‘গণৰাজ্য দিৱসৰ শুভেচ্ছা ভাৰত’। এয়া কেনেকৈ কপিৰাইট উলংঘা হ’ব পাৰে?”
ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “দুয়োটা অভিযোগেই হাস্যকৰ। ইয়াত কোনো যুক্তি নাই। যদিহে এই অভিযোগ কোনো ব্যক্তিৰ পৰা অহা ‘ৰিপ’ৰ্ট’ৰ জৰিয়তে কৰা হৈছে, তেন্তে বুজিব লাগিব যে তেওঁলোকে হাৰাশাস্তি কৰাৰ উদ্দেশ্যেৰে ৰিপ’ৰ্ট কৰিছে।’