লখিমপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ৭ জনৰ মৃত্যু

JE-570x320

লখিমপুৰ জিলাত জাপানীজ এনকেফেলাইটিছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। চলিত বছৰত জিলাখনত এই পৰ্যন্ত অতি কমেও ৭ গৰাকী ব্যক্তিয়ে মৃত্যু বৰণ কৰাটো নিশ্চিত কৰিছে।

তীব্ৰ জাপানীজ এনকেফেলাইটিছৰ সংলক্ষণ (acute encephalitis syndrome) হৈছে বেক্টেৰীয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ বাবে মগজু ফুলি পৰা আৰু লগতে তীব্ৰ মুৰৰ বিষ, মুৰ্ছা যোৱা, বমি হোৱা, ভ্ৰম হোৱা আদি সংলক্ষণসমূহ।

অলপতে তীব্ৰ জাপানীজ এনকেফেলাইটিছৰ সংলক্ষণ ধৰা পৰা ছাইনুল নামৰ ব্যক্তিগৰাকীক চিকিৎসা কৰা সত্তেও বচাব পৰা নগ’ল।

এই ৰোগৰ বিষাণু ক্লাক্স পিপিয়েনছ (Culex pipiens) মহে বিয়পায়। মহ জাতীয় প্ৰাণীয়ে বিয়পোৱা ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ (NDGCT) মতে লখিমপুৰতজানুৱাৰিৰ পৰা আগষ্টলৈকে  ৯৬ শতাংশ এনকেফেলাইটিছ ৰোগ হোৱাৰ বাতৰি পোৱা যায় আৰু ইয়াৰে ৪৩ শতাংশ এনকেফেলাইটিছ আক্ৰান্ত নিশ্চিত হয়।

এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱাসকল হৈছে হালিমা তপ্ন (৯), তগৰবালা শইকীয়া (৮০), ৰাইহান আলী (১), লোহিত চন্দ্ৰ দাস (১৯), প্ৰেমিকা হোৰো (১৩) আৰু ৰাহুল বসুমতাৰী (১৩)।

আক্ৰান্ত এলেকাসমূহৰ ১০০ মিটাৰৰ আশে-পাশে টিকাকৰণ আৰু ফগিং কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনাইছে।

জিলা স্বাস্থ্য বিভাগে আক্ৰান্ত এলেকাসমূহৰ চিনাক্তকৰণ আৰু সঠিক মানচিত্ৰকৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ যুটীয়া সচিব আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে প্ৰকাশ কৰিছে।