NORTHEAST NOW (Assamese)

হৃত গৌৰৱ উদ্ধাৰৰ যুঁজ! হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আইনী যুঁজত আদানিয়ে দায়িত্ব দিলে ৱাচটেলক

February 11, 2023 12:38 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এক প্ৰতিবেদনে দেশৰ সৰ্ববৃহৎ উদ্যোগপতি গৌতম আদানিৰ মালিকানাধীন আদানি গ্ৰুপৰ সাম্ৰাজ্যত এক বৃহৎ পতনৰ সৃষ্টি কৰিছে।

এনে পৰিস্থিতিত, সামাজ্ৰ্য পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টাত আদানি গোষ্ঠীয়ে এতিয়া হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে যুঁজখন আইনৰ আওতালৈ আনিবলৈ আগবাঢ়িছে।

সংবাদ মাধ্যমৰ পৰা বাতৰি অনুসৰি, হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ বিৰুদ্ধে আইনী যুঁজখনৰ বাবে বিশ্বৰ আটাইতকৈ ব্যয়বহুল আইনী পৰামৰ্শদাতা প্ৰতিষ্ঠান নিউয়ৰ্কৰ ‘ৱাচটেল, লিপটন, ৰোজেন আৰু কাটজ’ক নিয়োগ কৰিছে।

কোৱা হৈছে, “আদানি গোষ্ঠীয়ে নিউয়ৰ্কৰ ৱাচটেল, লিপটন, ৰোজেন এণ্ড কাটজৰ অভিজ্ঞ অধিবক্তাক নিয়োগ কৰিছে। জানুৱাৰীত হিণ্ডেনবাৰ্গৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে এটা কোম্পানী হিচাপে আদানি গোষ্ঠীৰ সংস্থাসমূহে হিচাপত হেৰফেৰ কৰি আৰু বজাৰৰ নিয়ন্ত্ৰণত জালিয়াতি কৰি লাভৰ অংক বৃদ্ধি কৰিছিল।  ৱাচটেলে হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আদানিক আইনী পৰামৰ্শ প্ৰদান কৰিব।’

Related News