সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

Kejriwal on Modi Adani

আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে সমুখলৈ অনা আদানী গোটৰ জালিয়াতিৰ বিষয়ক লৈ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ‘আদানীৰ বন্ধু মোদী’ক কটাক্ষ কৰি আজি দিল্লী বিধানসভাত কেজৰিৱালে একপ্ৰকাৰে আদানীক মোদীৰ ঢাল আখ্যা দিয়ে।

কেজৰিৱালৰ মতে হিণ্ডেনবাৰ্গ ৰিপ’ৰ্ট সন্দৰ্ভত যদি এনফৰ্চমেণ্ট ডাইৰেক্টৰেট বা চিবিআইৰ তদন্ত হয়, তেতিয়া আদানীৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীহে তদন্তৰ আওতালৈ আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰো বাবে একো কৰা নাই বুলি কটাক্ষ কৰি কেজৰিৱালে লগতে বন্ধু আদানীৰ প্ৰতি তেওঁ ইমান দয়ালু কিয় বুলি প্ৰশ্ন তোলে।

“ইমান ডাঙৰ সংকট আহিল, হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট আহিল। মোদী আদানীক বচোৱাতহে ব্যস্ত। ইয়াত এক ৰাজনৈতিক উদ্দেশ্যও আছে।”– কেজৰিৱালে কয়। তেওঁ লগতে কয়, “কোৱা হয় আদানী মাত্ৰ সন্মুখহে; তেওঁৰ আঁৰৰ বিনিয়োগকাৰী হৈছে মোদী।”

আপ মুৰব্হীগৰাকীয়ে লগতে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ ওপৰত চাপ প্ৰয়োগ কৰি ৪৪২ মিলিয়ন ডলাৰৰ বায়ু শক্তি প্ৰকল্প আদানী গোটক দিয়াইছিল।

“মোদীয়ে শ্ৰীলংকাক বতাহৰ প্ৰকল্পটো আদানীক দিবলৈ বাধ্য কৰাইছিল। কাৰিকৰীভাৱে এই প্ৰকল্পটো আদানীক দিয়া হোৱা নাছিল, প্ৰধানমন্ত্ৰী মোদীকে দিয়া হৈছিল। শ্ৰীলংকাৰ সংসদত যেতিয়া ৰাজাপাক্ষেক এই বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ হেঁচাত পৰি প্ৰকল্পটো দিয়া হৈছে বুলি উল্লেখ কৰিছিল।”– অৰবিন্দ কেজৰিৱালে এইদৰে কয়।

ইফালে দুবছৰ পূৰ্বে বিমানবন্দৰসমূহ ব্যক্তিগতকৰণ কৰাৰ সময়তো শেষ মুহূৰ্তত নিলামৰ কিছু চৰ্ত আঁতৰাই ছটা বিমানবন্দৰ আদানী গ্ৰুপক প্ৰদান কৰা হৈছিল বুলিও অভিযোগ উত্থাপন কৰিছে কেজৰিৱালে। এয়াও প্ৰকৃততে মোদীয়ে দিয়া হৈছিল বুলি উল্লেখ কৰি কেজৰিৱালে বিমানবন্দৰৰ ৩০ শতাংশ ব্যৱসায় প্ৰধানমন্ত্ৰী মোদীৰ বুলি দাবী কৰে।