NORTHEAST NOW (Assamese)

যাদৱ পায়েঙৰ দ্বাৰা লখিমপুৰৰ জইহিং গাঁৱত পৰিচ্ছন্ন আৰু সেউজ গ্ৰাম প্ৰকল্প উদ্বোধন

October 12, 2018 7:58 pm · ফাৰহানা আহমেদ
Updated: October 12, 2018 8:30 pm

পদ্মশ্ৰী সন্মানেৰে বিভূষিত অৰণ্য মানৱ যাদৱ পায়েঙে আজি ১২ অক্টোবৰত  উত্তৰ লখিমপুৰৰ জইহিং গাঁৱত এটা গছপুলি ৰোপণ কৰি ‘মাই গভ আছাম’ৰ (My Gov Assam) পৰিচ্ছন্ন আৰু সেউজ গ্ৰাম প্ৰকল্প এটাৰ উদ্বোধন কৰে।

প্ৰকল্পটো উদ্বোধন কৰি আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিৱেশবিদগৰাকীয়ে স্থানীয় অধিবাসীসকলক পৰিৱেশ সুৰক্ষিত ৰাখিবলৈ আহ্বান জনায় যাতে উত্তৰ পুৰুষৰ বাবে এখন নিকা, সেউজ পৃথিবী উপহাৰ দিব পাৰি।

জিলা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে (Public Health and Engineering department) এই উপলক্ষে স্থানীয় জইহিং কৰম ভৱনত  এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত ৰাইজক সম্বোধন কৰি যাদৱ পায়েঙে ‘মাই গভ আছাম’ৰ উদ্যোগত আগবঢ়া পৰিচ্ছন্ন আৰু সেউজ পৃথিৱীৰ সন্দৰ্ভত বক্তব্য ৰাখে।

পায়েঙে ৰাইজ আৰু ডেকা চাম তথা ছাত্ৰ সম্প্ৰদায়লৈ আৱেদন জনায় যাতে তেওঁলোকে পৰিৱেশ সংৰক্ষণ কৰাৰ উদ্যোগত হাত উজান দিয়ে। তেওঁ প্ৰতি দিনে একোটাকৈ গছপুলি ৰোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়।

ব্ৰহ্মপুত্ৰৰ ওচৰত যোৰহাটত একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা পায়েঙে কয় যে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে বৃক্ষৰোপণৰ বিকল্প নাই।

লখিমপুৰৰ উপায়ুক্ত ড০ জীৱন বি আৰু ‘মাই গভ আছাম’ৰ টীম মেম্বাৰ দীপজ্যোতি সন্দিকৈও জইহিঙৰপৰিচ্ছন্ন আৰু সেউজ গ্ৰাম প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।

Related News