NORTHEAST NOW (Assamese)

চাপৰত অনুষ্ঠিত হব আদিবাসী জনগোষ্ঠীৰ আদিবাসী মহাসভা

December 16, 2020 7:30 pm · এন ই নাও নিউজ
Updated: December 16, 2020 7:44 pm

ধুবুৰী জিলাৰ চাপৰত অনুষ্ঠিত হব আদিবাসী জনগোষ্ঠীয় লোকসকলোৰ “আদিবাসী মহাসভা”।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ উদ্যোগত আৰু ধুবুৰী জিলা আছা’ৰ উদ্যোগত চাপৰ’ৰ চৈবাৰী চাহ বাগিচাত অহা ২৯,৩০ আৰু ৩১ জানুৱাৰী/২০২১ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে অনুষ্ঠিত হব এই বিশাল “মহাসভাখন”।

আৰু এই মহাসভাখন সূচাৰুৰূপে সাফল্যমণ্ডিত কৰাৰ বাবে চাপৰৰ চৈবাৰী’ত এখন সভা অনুষ্ঠিত হয়।

সভাখনত উপস্থিত থাকে আছা’ৰ কেন্দ্ৰীয় সভাপতি আৰু উপ-সভাপতি ক্ৰমে প্ৰদীপ নাগ আৰু ৰেজান হৰো’ৰ লগতে ধুবুৰী জিলা আছা’ৰ সমূহ নেতৃবৰ্গ।

Related News