NORTHEAST NOW (Assamese)

ডিজিটেল প্লেটফৰ্মত মুক্তিৰ বাবে সাজু আদিল হুছেইন অভিনীত ‘মীল’

February 11, 2020 11:55 am · এন ই নাও নিউজ

ডিজিটেল মিডিয়া প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈ উঠিছে অসমৰ আদিল হুছেইন অভিনীত এখন বতিক্রমধর্মী চুটি ছবি ‘মীল’।

যুৱ ছবি নিৰ্মাতা অভিৰূপ বাসুৰ পৰিচালিত ছবিখন অহা ১৬ ফেব্ৰুৱাৰিত মুবি ইণ্ডিয়া (MUBI India)ত মুক্তি লাভ কৰিব।

এনে ধৰণৰ কলাত্মক চিনেমা মুক্তি দিয়া মুবিয়ে একমাত্ৰ ডিজিটেল মাধ্যম।

অনলাইনযোগে চোৱাৰ উপৰি চিনেমাখনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনাও কৰিব পৰা যায়।

আদিল হুছেইন অভিনীত মীল ছবিখনে যোৱা বছৰৰ জুলাই মাহত অটোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

১১ মিনিটৰ এই চুটি ছবিখনে ইয়াৰ ঠিক এমাহ পিছতেই অৰ্থাৎ আগষ্ট মাহত দেনমাৰ্কৰ অস্কাৰ কোৱালিফায়িং অদেনছে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত অন্তৰ্ভুক্ত হৈছিল।

উল্লেখ্য যে ফিল্ম ফেষ্টিভেলৰ বাবে নিৰ্বাচিত হোৱা মীল ছবিখনেই একমাত্ৰ ভাৰতীয় চুটি ছবি। ছবিখন প্ৰদৰ্শিত হৈছিল মূল প্ৰতিযোগিতাত।

অভিৰূপ বাসুৱে লিখা ছবিখনত আদিল হুছেইনৰ উপৰি ৰত্নাৱলী ভট্টাচাৰ্যী আৰু অৰুণ মুখপাধ্যই অভিনয় কৰিছে।

Related News