চৰকাৰী আৱাসগৃহতে চিপ লৈ গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্তৰ আত্মহত্যা
গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসে (৪৫) নিজৰ চৰকাৰী আৱাসগৃহত চিপ লৈ আত্মহত্যা কৰা ঘটনাই গোৱালপাৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ৰাতিপুৱাই ঘটনাটো সদৰি হোৱাৰ পিছতে অঞ্চলটোত এক মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হয় ৷
উল্লেখ্য যে অসম অসামৰিক সেৱাৰ বিষয়া জয়ন্ত দাসে কিছুদিন পুৰ্বে গোৱালপাৰাত অতিৰিক্ত উপায়ুক্ত হিচাপে কামত যোগদান কৰিছিল।
অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে পৰিয়ালসহ চৰকাৰী বাসভৱনত থাকি নিজা কাৰ্যালয়ত কৰ্ম সমাপন কৰি গৈছিল ৷
অৱশ্যে কি পৰিস্থিতিত আত্মহত্যা কৰিব লগা হল সেই কথা পোহৰলৈ অহা নাই ৷
জানিব পৰা মতে, দাস স্বাস্থ্যজনিত অসুস্থতাত ভূগি আছিল। তদুপৰি, তেওঁৰ পিতৃও বহুদিন ধৰি শাৰীৰিক অসুস্থাত ভূগি থকাৰ বাবে বিষয়াগৰাকী মানসিকভাৱে ভাগি পৰিছিল।
ঘটনাৰ খবৰ পোৱাৰ পিছতে গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে তদন্ত আৰম্ভ কৰিছে।
প্ৰাথমিক অনুসন্ধানত এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে যদিও মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
বিষয়া গৰাকীৰ ঘৰ গুৱাহাটীৰ বিৰুবাৰীত বুলি আৰক্ষীয়ে জানিব দিয়ে ৷