লাইকা-দধীয়াবাসীৰ পুন: সংস্থাপনত বিৰোধৰ সন্মুখীন প্ৰশাসন

Laika-Dadhia

অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ নামফাইত আজি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ডিগবৈ বন বিভাগ আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন।

নামফাই তাপু অঞ্চলত লাইকা বাসীক পুনঃ সংস্থাপন কৰিবলৈ যোৱাৰ পথত নামফাই অৰুনোদয় সোণোৱাল গাঁৱৰ ৰাইজে বাট ভেটি ধৰে ডিগবৈ বন বিভাগ আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ নেতৃত্বত যোৱা দলটোক।

নামফাই তাপু অঞ্চলত লাইকা বাসীক সংস্থাপিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰুনোদয় সোণোৱাল গাঁৱৰ ৰাইজে।

উল্লেখ যে ১৯৯৯ চনতেই অসম চৰকাৰে প্ৰায় ৬০টা সোণোৱাল কছাৰী পৰিয়ালক নামফাই অঞ্চলত এবিঘাকৈ ভূমি প্ৰদান কৰি পুনঃ সংস্থাপন কৰিছিল।

কিন্তু সেইসময়ত এবিঘা ভূমিত গোটেই পৰিয়ালৰ জীৱন নিৰ্বাহ অসম্ভৱ বুলি আপত্তি দৰ্শোৱাত সেই সময়ৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াই গাওঁখনৰ কাষতে লাগি থকা বৰ্তমানৰ তাপু অঞ্চলত খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰিবলৈ মৌখিক ভাৱে অনুমতি প্ৰদান কৰিছিল।

উক্ত অঞ্চলতটো ঘন অৰণ্য হৈ থকাত সেই সময়ত সোণোৱাল গাঁৱৰ ৰাইজে বনৰীয়া জীৱ জন্তুৰ আক্ৰমণ, বানপানীৰ সমস্যা, অৰুণাচল প্ৰদেশ চৰকাৰে উক্ত অঞ্চলটো বিভিন্ন সময়ত নিজৰ বুলি দাবী জনাই গাওঁ বাসীক জাননী জাৰি কৰা আদি এশ এবুৰি সমস্যাৰ মাজতো বিভিন্ন বাধা বিঘিনি নেওচি খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে।

তেনেস্থলত উক্ত ভূমিত অসম চৰকাৰে লাইকা বাসীক পুনঃ সংস্থাপিত কৰিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব আৰু প্ৰয়োজনত যিকোনো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি অৰুনোদয় সোণোৱাল গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে।লগতে ইয়াৰ দ্বাৰা সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰ দায়ী হ’ব বুলি হুংকাৰ দিয়ে।