NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত গুটখা, জৰ্দাৰ বিৰুদ্ধে অভিযান প্ৰশাসনৰ

August 25, 2020 6:40 pm · মানস প্ৰতিম গগৈ

মাৰ্ঘেৰিটা প্ৰশাসনে অভিযান চলাই মঙলবাৰে বৃহৎ পৰিমাণৰ গুটখা, জৰ্দা জব্দ কৰিবলৈ সক্ষম হৈছে।

মাৰ্ঘেৰিটাত গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে প্ৰশাসনৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।

কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্ঘেৰিটাত মহকুমাত নিষিদ্ধ কৰা গুটখা আৰু জৰ্দাৰ গোপনে ৰমৰমীয়া ব্যৱসায় অসাধু ব্যৱসায়ীয়ে চলাই আহিছে।

আজি মাৰ্ঘেৰিটাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ নিদেৰ্শত গুটখা, জৰ্দাৰ বিৰুদ্ধে খাদ্য ও অসামৰিক যোগান বিভাগে এক অভিযান চলায়।

অভিযানকালত জব্দ কৰে বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা।

লকডাউনৰ সময়ছোৱাত মাৰ্ঘেৰিটাৰ কেইগৰাকীও অবৈধ গুটখা ব্যৱসায়ীয়ে অধিক মূল্যৰ বিনিময়ত বেহা চলাই আহিছিল নিষিদ্ধ ঘোষিত উক্ত ব্যৱসায়টো।

এইক্ষেত্ৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন অধিক কঠোৰ হ’ব বুলি সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে একাংশ দল-সংগঠন আৰু একাংশ বিষয়াক মেনেজ কৰি গুটখা মাফিয়াই এই বেহা চলাই আহিছে বুলি এক সূত্ৰত প্ৰকাশ।

Related News