• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তথাকথিত ভদ্ৰলোকৰ কীৰ্তি! ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে ‘তোলনীয়া’ কন্যাক চলাইছিল যৌন নিৰ্যাতন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2023 10:30 am
4.5k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীস্থিত চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ ‘তোলনীয়া’ কন্যাক চলোৱা হৈছিল যৌন নিৰ্যাতন। ভুক্তভোগী নাবালিকাগৰাকীৰ প্ৰয়োজনীয় চিকিৎসা পৰীক্ষাৰ অন্তত এই কথা নিশ্চিত হৈছে বুলি অসম আৰক্ষীয়ে জনায়।

গুৱাহাটী আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই উল্লেখ কৰে যে অপৰাধৰ ‘চিন্তনীয়’ স্বৰূপটো মনত ৰাখি অসম আৰক্ষীয়ে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ (এছ পি পি) নিযুক্তি বিচাৰিব।

গুৱাহাটী আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে অৱগত কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙে এই গোচৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

লগতে পঢ়ক: SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী; অভিযুক্ত IAS বিষয়া শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ

চিকিৎসাৰ প্ৰতিবেদনৰ ভিত্তিত চিকিৎসক দম্পতীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

গুৱাহাটী আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই কয়, ‘চিকিৎসা প্ৰতিবেদনত নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে।

তেওঁ লগতে কয়, ‘চিকিৎসক দম্পতীয়ে পূৰ্বে দাবী কৰিছিল যে তেওঁলোক ভুক্তভোগী ছোৱালী আৰু নাবালক ল’ৰাৰ জৈৱিক পিতৃ-মাতৃ। অৱশ্যে আমাৰ তদন্তত সেই দাবী মিছা আছিল বুলি পোহৰলৈ আহিছে।”

শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুৱাহাটীৰ প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দেওবাৰে কামৰূপ-মেট্ৰ’ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ডাঃ সংগীতা দত্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: কেৰালাত পৰ্যটকৰ নাও দুৰ্ঘটনাগ্ৰস্ত হৈ ২২ জনৰ মৃত্যু; দুই লাখ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

উল্লেখ্য যে নাবালিকা ছোৱালীজনীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱা ডাঃ সংগীতা দত্তক মেঘালয়ৰ ৰিভয় জিলাৰ উমছনিঙৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

তদুপৰি, একেটা গোচৰতে ড০ সংগীতা দত্তৰ স্বামী ডাঃ ৱালিউল ইছলাম আৰু তেওঁলোকৰ বনকৰা মহিলা লক্ষ্মী ৰায়কো গ্ৰেপ্তাৰ কৰা হয়।

ইপিনে, অভিযুক্ত ডাঃ সংগীতা দত্তই তেওঁক গ্ৰেপ্তাৰ কৰা এই গোচৰৰ সন্দৰ্ভত কেইবাটাও আচৰিত বিষয় সদৰী কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ জেৰাৰ অন্তত ডাঃ সংগীতা দত্তই সদৰী কৰে যে ভুক্তভোগী নাবালিকা ছোৱালীজনী তেওঁৰ সন্তান নহয়।

ভুক্তভোগী ছোৱালীজনী আৰু তেওঁৰ যমজ ভাতৃক ২০১৯ চনত এগৰাকী মহিলাই গুৱাহাটীত চিকিৎসক দম্পতীৰ হাতত “গতাই দিছিল” বুলি দাবী কৰে।

অসম আৰক্ষীৰ তথ্য অনুসৰি ড০ দত্তই স্বীকাৰ কৰে যে তেওঁ পূৰ্বেও ভুক্তভোগী নাবালিকা ছোৱালীজনীৰ জন্মৰ বাবে আইভিএফ চিকিৎসাৰ ব্যৱহাৰৰ বিষয়ে মিছা কথা কৈছিল।

লগতে পঢ়ক: বিজেপিয়েই জিকিব চৌবিশৰ লোকসভাত : ডিব্ৰুগড়ত অমিত শ্বাহৰ ভৱিষ্যতবাণী

উল্লেখ কৰিব পাৰি যে ড০ সংগীতা দত্তৰ স্বামী ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বতেও শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল।

২০১৭ চনত তেওঁ শিশু সুৰক্ষা আয়োগৰ সন্মুখত একেধৰণৰ গোচৰত হাজিৰ হৈছিল য’ত আয়োগে তেওঁৰ বিৰুদ্ধে ৰায় দিছিল।

ইয়াৰ উপৰিও পূৰ্বে ডাঃ ৱালিউলৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন পত্নী আৰু তেওঁলোকৰ সন্তানক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰাৰ আন এক অভিযোগ উত্থাপন হৈছিল।

আনহাতে, অসমৰ শিশু অধিকাৰ কৰ্মী মিগেল দাস কুৱেহে কয় যে – “এক পুংখানুপুংখ তদন্ত আৰু শক্তিশালী চাৰ্জ-শ্বীটৰ জৰিয়তেহে কণমানি কন্যা শিশুটিয়ে ন্যায় পোৱাটো নিশ্চিত হ’ব”।

কুৱেহে কয়, “সৰু শিশুটিৰ নিতম্ব পোৰা দাগ, গুপ্তাংগত পোৰা দাগ, গোটেই শৰীৰত ঘাঁ আৰু জ্বলা-পোৰাৰ চিন আছে।‘’

লগতে পঢ়ক: চাণক্য নীতি: এনে বন্ধুৰ পৰা সাৱধান হওক, নহ’লে হ’ব পাৰে ডাঙৰ বিপদ

তেওঁ কয়,“আপুনি কল্পনা কৰিব পাৰেনে যে ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত কেনেকুৱা দানৱ? তেওঁলোক যদি আইনৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় তেন্তে মই সকলো বিশ্বাস হেৰুৱাম।’’

তেওঁ লগতে কয়, “মই আচৰিত হৈ পৰিছো যে তাইৰ শৰীৰ আৰু আত্মাৰ ওপৰত হোৱা এই সকলোবোৰৰ পিছতো কেনেকৈ কণমানিটোৰ মুখত হাঁহি এটা ফুটি উঠিব।” 

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd