অনুষ্ঠানৰ মাজত বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ বাবেই বন্ধ কৰি দিয়া হ’ল কেইবাটাও টিভি চেনেল, ক’ত?

অনুষ্ঠানৰ মাজতে বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ ফলত দৰ্শকে অনুষ্ঠান এটাৰ পূৰ্ণ আমেজ লাভ কৰিবলৈ সক্ষম নহয়।

কিন্তু অৰ্থনৈতিক কাৰণতে বহু টেলিভিছন চেনেলে অনুষ্ঠানৰ মাজতে বিজ্ঞাপন সম্প্ৰচাৰ কৰি আহিছে।

অনুষ্ঠানৰ মাজত বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ বাবেই পিছে বাংলাদেশত বন্ধ কৰি দিয়া হ’ল কেইবাটাও বিদেশী টি ভি চেনেল।

বাংলাদেশ চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা নিৰ্দেশনাত এইবুলি কৈছে যে যিবোৰ টিভি চেনেলে অনুষ্ঠানৰ মাজত বিজ্ঞাপন সম্প্ৰচাৰ কৰে সেই চেনেল সমূহ বন্ধ কৰি দিয়া হ’ব।

বিদেশৰ চেনেল সমূহে অনুষ্ঠানৰ মাজতে বিজ্ঞাপন সম্প্ৰচাৰ কৰি আহিছে যদিও বাংলাদেশৰ কেবল অপাৰেটৰ সংস্থাসমূহে সেয়া ৰোধ কৰিব পৰা নাই।

বিশেষকৈ কাৰিকৰী কাৰণতে বাংলাদেশৰ কেবল চেনেল সমূহে বিদেশ চেনেলৰ অনুষ্ঠানৰ মাজৰ পৰা বিজ্ঞাপন আঁতৰাই পেলাব পৰা নাই।

সেয়ে উপায়ন্তৰ হৈ কেবল অপাৰেটৰ এছোচিয়েছনছ অৱ বাংলাদেশে অনুষ্ঠানৰ মাজতে বিজ্ঞাপন সম্প্ৰচাৰিত কৰা সকলো বিদেশী চেনেলৰ সম্প্ৰচাৰ আজিৰে পৰা বন্ধ কৰি দিছে।

উল্লেখ্য বাংলাদেশৰ কেবল টেলিভিছন নেটৱৰ্ক আইনৰ ১৯(১৩) ধাৰা অনুসৰি কোনো বিদেশী টেলিভিছন চেনেলেই অনুষ্ঠানৰ মাজত বিজ্ঞাপন সম্প্ৰচাৰ কৰিব নোৱাৰিব।

এই আইনৰ অধীনতে ২০১৯ চনত বাংলাদেশত জি নেটৱৰ্কৰ অনুষ্ঠানসমূহো ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছিল।