NORTHEAST NOW (Assamese)

শিৱসাগৰত ধৰ্মীয় নেতৃবৰ্গৰ লগত শিশু সুৰক্ষা বিষয়ক পৰামৰ্শ সভা

June 30, 2019 6:44 am · পার্শ্বজোতি গগৈ
শিৱসাগৰত বিভিন্ন ধৰ্মীয় নেতৃবৰ্গৰ সৈতে অনুষ্ঠিত পৰামৰ্শ সভা। ফটো : নৰ্থইষ্ট নাও

মহিলা আৰু শিশু সকলৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাৰ অৰ্থে শনিবাৰে শিৱসাগৰত বিভিন্ন ধৰ্মীয় নেতৃবৰ্গৰ সৈতে দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্যায়ত এক পৰামৰ্শ সভা অনুষ্ঠিত হয়।

জিলা শিশু আৰু কিশোৰ কোষৰ উদ্যোগত তথা য়ুনিচেফ (UNICEF), অসমৰ সহযোগত স্থানীয় সিদ্ধাৰ্থ হোটেলত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত ডাঃ এচ  লক্ষ্মণনে বিভিন্ন সামাজিক কু-প্ৰথা যেনে বাল্য বিবাহ ৰোধৰ বাবে ধৰ্মীয় নেতাসকলক আগবাঢ়ি অহিবলৈ আহ্বান জনায়।

ধৰ্মীয় নেতাসকলে এই ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিলে ৰাইজৰ মাজত এই ক্ষেত্ৰত ইতিবাচক আৰু বিপুল প্ৰভাৱ পৰিব বুলিও উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে।

সুস্থ, প্ৰগতিশীল আৰু সবল সমাজ নিৰ্মাণৰ বাবে মহিলা আৰু শিশু সকলৰ প্ৰাপ্য অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাটো অতি প্ৰয়োজন বুলিও উপায়ুক্ত গৰাকীয়ে দৃঢ় মত পোষণ কৰে ।

এই পৰ্যালোচনা সভাত সমাজত মহিলা আৰু শিশুৰ স্থান, তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰাজি আৰু এই সমূহৰ ৰোধৰ কাৰ্যপন্থাৰ ওপৰত বিস্তৃতভাবে অলোচনা কৰা হয় ।

উল্লেখ্য যে, National Family Health Survey-4- ৰ সমীক্ষা মৰ্মে শিশুৰ মৃত্যুৰ হাৰ অসমত ৩২.৬ শতাংশ আৰু শিৱসাগৰত ৩০ শতাংশ ।

আজিৰ পৰ্যালোচনা সভাত সহকাৰী আয়ুক্ত তথা জিলা শিশু আৰু কিশোৰ কোষৰ দায়িত্বপ্ৰাপ্ত বিষয়া গৌৰীপ্ৰিয়া দেউৰী, য়ুনিচেফ (UNICEF), অসমৰ Special Behaviour Change Communication (SBCC)-ৰ বিশেষজ্ঞ সুৰেশ ভাই পৰমাৰ আৰু কাৰ্যালয় কাৰ্যনিৰ্বাহক টিউলিপ শইকীয়া চেলেঙ, জিলা শিশু আৰু কিশোৰ কোষৰ জিলা সমন্বয়ক সন্ধানী গগৈ আৰু SBCC ৰ পৰামৰ্শদাতা গীতালী কাকতিৰ লগতে জিলাখনৰ বিভিন্ন ধৰ্মৰ ভালেসংখ্যক নেতৃবৰ্গ উপস্থিত থাকে ।

Related News