NORTHEAST NOW (Assamese)

নৃশংস! পিতৃ-মাতৃক ইটাৰে মৰিয়াই প্ৰাণ ল’লে অধিবক্তা পুত্ৰইঃ আৰক্ষীক অৱগত কৰিলে পত্নীয়ে

February 23, 2024 12:52 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক জঘন্য কাণ্ড। নিজ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাইছে এহাল বৃদ্ধ দম্পতীয়ে। এই জঘন্য কাণ্ডই স্তম্ভিত কৰি তুলিছে ৰাজ্যখনক।

প্ৰকাশিত খবৰ অনুসৰি, পেছাত অধিবক্তা ৩৬ বৰ্ষীয় পুত্ৰই ইটাৰে আঘাত কৰি হত্যা কৰিছে নিজৰ বৃদ্ধ পিতৃ-মাতৃক। এই বৰ্বৰ হত্যাকাণ্ড বুধবাৰে নিশা সংঘটিত হৈছে।

অভিযুক্ত ব্যক্তিজনক মনোজ পাল বুলি চিনাক্ত কৰা হৈছে। বুধবাৰে নিশা মনোজে নিজৰ পিতৃ ওম প্ৰকাশ (৭০) আৰু মাতৃ বাবলী (৫০)ক হত্যা কৰে বুলি স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰিছে।

নিজ গৃ্হত পালে হত্যা কৰে পিতৃ-মাতৃক। জানিব পৰা মতে, দুই মহলাৰ ঘৰটোৰ তলৰ মহলাত পত্নী নম্ৰতাৰ সৈতে পালে আৰু প্ৰথম মহলাত পিতৃ-মাতৃয়ে বাস কৰিছিল।

পালৰ পিতৃ ওম প্ৰকাশ এবছৰৰো অধিক সময় কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ এই অসুস্থতাৰ বাবে পৰিয়ালটো বিগত সময়ছোৱাত আৰ্থিক আৰু মানসিক চাপত ভুগিছিল।

বুধবাৰে নিশা পাল কিছু সময়  মাক-দেউতাকৰ লগত আছিল যদিও পিছত পত্নী নম্ৰতাৰ কাষলৈ উভতি আহিছিল। তাৰ পিছতে তেওঁ পত্নী নম্ৰতাক কনৌজস্থিত মাতৃগৃ্হলৈ লৈ যায়।

তাত উপস্থিত হোৱাৰ লগে লগে পালে তেওঁ নিজৰ পিতৃ-মাতৃ দুয়োকে হত্যা কৰি তাৰ পৰাই পলাই অহা বুলি পত্নী নম্ৰতাক জানিবলৈ দিয়ে।

পালৰ পৰা এই বিষয়ে জানিব পাৰি নম্ৰতা ভীতিগ্ৰস্ত হৈ পৰে আৰু বৃহস্পতিবাৰে পুৱা তেওঁ এই হত্যাকাণ্ডৰ বিষয়ে আৰক্ষীক অৱগত কৰে।

নম্ৰতাৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে পালৰ ঘৰত উপস্থিত হৈ বৃদ্ধ দম্পতীহালৰ মৃতদেহ দুটা উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

অৱশ্যে এইপৰ্যন্ত হত্যাকাণ্ডৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই তথা এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

Related News