ইছৰো (ISRO)ৰ ‘চন্দ্ৰযান-২’ অভিযানত জড়িত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক হিদাম ৰাজীৱ সিং

Man-behind-Chandrayaan-2-from-Assam-750x375

হিদাম ৰাজীৱ সিং

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সফল চন্দ্ৰযান-২ উক্ষেপণৰ পাছতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে।

ভাৰতৰ ঐতিহাসিক ৯৭৮ কোটি টকীয়া দ্বিতীয় চন্দ্ৰ অভিযানৰ বিজ্ঞানী দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিদাম ৰাজীৱ সিঙ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ২২ জুলাইত চন্দ্ৰৰ দক্ষিণ মেৰুলৈ অভিযান চলাই ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয়।

ৰাজীৱ সিং চন্দ্ৰযান-২ ৰ ‘চলিদ ষ্টেজ ৰোকেট বুষ্টাৰ’ (Solid Stage Rocket Boosters)ৰ প্রথম পৰ্যায়ৰ বিজ্ঞানী দলৰ সদস্য আছিল।

ভাৰতৰ চন্দ্ৰযান-২ৰ সফল উক্ষেপণৰ ক্ষেত্ৰত অন্যান্য বিজ্ঞানীসকলৰ সৈতে থকা অসমৰ তিনিগৰাকী বিজ্ঞানী ক্ৰমে জিতেন্দ্ৰ নাথ গোস্বামী, দীপক কুমাৰ দাস আৰু হিদাম ৰাজীৱ সিঙে অভিযানটো সফল হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল।

লগতে পঢ়ক : ভাৰতৰ মহাকাশ যাত্ৰাৰ সফলতাৰে শ্ৰীহৰি কোটাৰ পৰা ‘চন্দ্ৰযান-২’ৰ সফল উক্ষেপণ; অভিযানৰ অংশীদাৰ অসমীয়া বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী

জিতেন্দ্ৰ নাথ গোস্বামী চন্দ্ৰযান-২ অভিযানৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ হিচাপে থকাৰ বিপৰীতে আন এগৰাকী অসমীয়া বিজ্ঞানী দীপক কুমাৰ দাস ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ নিৰ্দেশক হিচাপে দায়িত্বত আছিল।

চন্দ্ৰযান-২ অভিযানত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা বিজ্ঞানী হিদাম ৰাজীৱ সিঙৰ জন্ম হৈছিল মণিপুৰৰ জিৰিবাম নামৰ এখন সৰু চহৰত। তেওঁ অসমতে থাকি শিক্ষা গ্ৰহণ কৰিছিল।

সিঙে কাছাৰ জিলাৰ পাইলাপুলৰ জৱাহৰ নৱোদয় বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী পৰ্য্যায়ত জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিষয়ত শিক্ষা গ্ৰহণ কৰে।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি সিঙে হিন্দুস্থান জিংক লিমিটেডত কৰ্মজীৱন আৰম্ভ কৰে।

হিদাম ৰাজীৱ সিঙে ২০০৯ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত বিজ্ঞানী হিচাপে যোগদান কৰে।

আনহাতে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পাইলাপুলৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলে সিঙক এগৰাকী মৃদুভাষী ব্যক্তি হিচাপে অভিহিত কৰে।