ৰে’ল লাইনত উদ্ধাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

বৃহস্পতিবাৰে গুৱাগাটীৰ ৰেলপথত উদ্ধাৰ হয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মৃতদেহ।

 জানিব পৰা মতে ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱতি লয় ছাত্ৰজনে।

 নিহত ছাত্ৰজন চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ বৰ্ণিল কলিতা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত গুৱাহাটীৰ টেটেলিয়া ৰেলগেটৰ সমীপত মৃত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ পিছতে স্থানীয় ৰাইজে মৃতদেহটো এপ’ল’ এক্সেল কেয়াৰ হাস্পতাললৈ স্থানান্তৰিত কৰে।

বিয়লি প্ৰায় ৪:৩০ বজাত এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

অচ্যুত কলিতা আৰু কবিতা কলিতাৰ পুত্ৰ বৰ্ণিল । খবৰ অনুসৰি তেওঁলোকে পুত্ৰৰ মৃত্যুক হত্যা বুলি সন্দেহ কৰি থানাত গোচৰ ৰুজু কৰিছে।