অষ্ট্ৰেলিয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও পৰাস্ত হ’ল। গ্লেন মেক্সৱেলৰ পিছত এইবাৰ বেটৰ যাদু দেখুৱালে ৰাছি ভান ডেৰ ডুচেনে। ফলত দুটা পৰাজয়ৰ সন্মুখীন হৈ আফগানিস্তানে চলিত বিশ্বকাপৰ পৰা আঁতৰি গ’ল। কিন্তু নকআউটৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ পাছতো আফগান দলে বাইশ গজৰ যুদ্ধত নিজৰ যুঁজৰ মনোভাৱ আৰু দলীয় মনোভাৱ দেখুৱাই ক্ৰিকেট জগতৰ হৃদয় জয় কৰিলে। বিশ্ব ক্ৰিকেটত আফগানিস্তানে নহয়, বিশ্বকাপ বিজয়ী ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে দলক পৰাস্ত কৰি ভৱিষ্যতৰ বাবে এক বাৰ্তা দি গ’ল।
১৬ নৱেম্বৰত ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন ছেমি ফাইনেল খেলিব দক্ষিণ আফ্ৰিকাই। কিন্তু সেই মেচখনত প্ৰৱেশৰ আগতে আফগান দলটোৱে লীগৰ শেষৰখন খেলত পৰাস্ত হ’লেও কুইণ্টন ডি কক-টেম্বা বাভুমাছৰ বেটিঙক লৈ আৰু বিশেষকৈ ৰান চেজৰ দৌৰত বেটিং লাইন আপ ভাঙি পৰাৰ ওপৰত প্ৰশ্ন উঠি আহিল। কিয়নো ভাৰতৰ বিৰুদ্ধে ৩২৭ ৰানৰ লক্ষ্যত নামি মাত্ৰ ৮৩ ৰানত অল আউট হৈছিল প্ৰটিয়াছ। পৰাস্ত হৈছিল ২৪৩ ৰানত। এইবাৰো তেনেকুৱা কিবা এটা হ’ব পাৰিলেহেঁতেন৷ যদিহে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰাছি ভান ডেৰ ডুচেনে দৃঢ়তা দেখুৱাব নোৱাৰিলেহেঁতেন।
ডি কক (৪১)ৰ পৰা বাভুমা (২৩)লৈ, আইডেন মাৰ্ক্ৰাম (২৫)ৰ পৰা ডেভিদ মিলাৰ (২৪)লৈ যদিও খ্যাতিমান বেটছমেনসকলে ভাল আৰম্ভণি কৰিছিল, তথাপিও ৰছিদ খান-মহম্মদ নবী-মুজিবৰ স্পিনৰ আগত পৰাস্ত হৈ এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাছিল। দলটোৰ মিডল অৰ্ডাৰৰ বেটছমেনগৰাকীয়ে আফগান স্পিনাৰৰ বিৰুদ্ধে প্ৰচণ্ড চাপত যুঁজিছিল। তেওঁৰ অপৰাজিত ইনিংছত ৯৫টা বলত ৭৬ ৰানৰ বাবেই দক্ষিণ আফ্ৰিকাই ৫ উইকেটত জয়লাভ কৰে। এণ্ডি পেচলুকৱাওৱে ৩৯টা বলত ৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। নবীয়ে ৩৫ ৰানত ২টা উইকেট আৰু ৰছিদে ৩৭ ৰানত ২টা উইকেট দখল কৰে।
প্ৰটিয়াছৰ বলিঙৰ চাপ সত্ত্বেও বীৰোচিত যুঁজ দিলে আফগানসকলে। যদিও টপ অৰ্ডাৰৰ বেটছমেনসকলে ভাল ৰান নাপালে, আজমাতুল্লাহ ওমৰজাইয়ে যুঁজাৰু ইনিংছ খেলিলে। তেওঁ শতক লাভ নকৰিলেও বিশ্বকাপৰ ইতিহাসত আফগান বেটাৰসকলৰ ভিতৰত দ্বিতীয় সৰ্বাধিক অপৰাজিত ৯৭ ৰানৰ ইনিংছ খেলে। আৰম্ভণিতে উইকেট হেৰুৱাই বেটছমেনৰ তীব্ৰ সংগ্ৰামৰ মাজতো আফগানিস্তানে ২৪৪ ৰানৰ যুঁজৰ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।
টছত জয়ী হোৱাৰ পাছত আফগান শিবিৰে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আফগানিস্তানৰ হৈ ৰহমাতুল্লাহ গুৰবাজ (২৫) আৰু ইব্ৰাহিম জাৰ্ডানে (১৫) ভাল আৰম্ভণি কৰিছিল যদিও দুয়োজনৰে কোনোৱেই বেছি সময় ক্ৰীজত থাকিব নোৱাৰিলে। প্ৰটিয়াছৰ স্পিনাৰ কেশৱ মহাৰাজ (২/১৫) আৰু তাৰ পিছত জেৰাল্ড ক’টজীয়ে আফগান শিবিৰ জোকাৰি গ’ল। তেওঁ মাত্ৰ ৪৪ ৰানত ৪ জন আফগান বেটছমেনক ড্ৰেছিং ৰুমলৈ ঘূৰাই পঠিয়ায়। আফগানিস্তানৰ খেলখনত ৪টা উইকেটৰে মুঠ ১৮টা উইকেট দখল কৰি চলিত বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত তৃতীয় স্থান দখল কৰিছে প্ৰটিয়াৰ পেচাৰ ক’টজীয়ে। লুংগি এনগডিয়েও দুটা উইকেট দখল কৰে।
আজমাতুল্লাই এককভাৱে দলটোৰ স্ক’ৰ আগুৱাই নিবলৈ ধৰে। এটা সময়ত আফগানিস্তানৰ আৰু এজন বেটছমেনে একেৰাহে দ্বিতীয়খন মেচত আৰু এটা শতক অৰ্জন কৰাৰ উপক্ৰম হোৱাৰ প্ৰবল সম্ভাৱনা আছিল। কেইদিন পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইব্ৰাহিম জাৰ্ডানে শতক অৰ্জন কৰিছিল। সেইটো আছিল বিশ্বকাপৰ মঞ্চত আফগান বেটছমেনৰ প্ৰথমটো শতক।
কিন্তু আফগান শিবিৰৰ ২৪৪ ৰানত অল আউট হোৱাৰ বাবে আজমাতুল্লাই শতক অর্জন কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগা হয়৷ তেওঁ ৯৭ ৰানত অপৰাজিত হৈ থাকে। এয়া বিশ্বকাপৰ ইতিহাসত এজন আফগান বেটছমেনৰ দ্বিতীয় সৰ্বাধিক ব্যক্তিগত স্ক’ৰ। এটা সময়ত এনে লাগিছিল যেন ৰছিদ খান-মহম্মদ নবীৰ সৌজন্যত আফগানিস্তানে বিজয় দেখিবলৈ পাব। কিন্তু শেষত ভান ডেৰ ডুচেনে যুঁজ দি সকলো সলনি কৰি দিলে।
কিন্তু তাতে কি আহে যায়! ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে বিশ্বকাপ বিজয়ী দলক পৰাস্ত কৰাৰ লগতে নেদাৰলেণ্ডক উৰুৱাই দি আফগানিস্তানে বিশ্ব ক্ৰিকেটত নিজকে আন এক উচ্চতালৈ লৈ গ’ল, দি গ’ল ভৱিষ্যত দিনৰ বাবে এক আগজাননীও।