ICC T-20 World Cup: ৰুদ্ধশ্বাস মেচত বাংলাদেশক হৰুৱাই ছেমি ফাইনেলত আফগানিস্তান; বিদায় অষ্ট্ৰেলিয়াৰ

টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ যুঁজখন অন্তিম মুহূৰ্তলৈকে অব্যাহত আছিল। মঙলবাৰে খেলা আফগানিস্তান আৰু বাংলাদেশ দুয়োটা দলৰে সুযোগ আছিল। এই মেচখনৰ ওপৰত নিৰ্ভৰ কৰিছিল অষ্ট্ৰেলিয়াৰো ভাগ্য। তিনিওটা দলৰে টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ সুযোগ আছিল। অৱশেষত বাংলাদেশক ৮ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে আফগানিস্তানে। সেইদৰে, টী-২০ বিশ্বকাপৰ পৰা বিদায় ল’লে অষ্ট্ৰেলিয়াই।

আফগানিস্তানে প্ৰথমে বেটিং কৰি মেচখনত ১১৫ ৰান সংগ্ৰহ কৰে। ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ বাংলাদেশে ১২.১ অভাৰত সেই ৰান সংগ্ৰহ কৰিব লগা হৈছিল। কিন্তু চাকিব আল হাছান বাহিনীয়ে সেয়া কৰিব নোৱাৰিলে। বৰষুণৰ বাবে বাৰে বাৰে খেল বন্ধ কৰি দিয়া হৈছিল। বাংলাদেশৰ লক্ষ্যও সলনি হ’ল৷ জয়ী হ’বলৈ ১৯ অভাৰত ১১৪ ৰানৰ প্ৰয়োজন হৈছিল। শেষত ৮ ৰানত পৰাস্ত হয় বাংলাদেশ।

ফটো সৌজন্যঃ আইচিচি।

আফগানিস্তানে ছুপাৰ এইটত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হৈছিল যদিও অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰিলে। ৰছিদ বাহিনীয়ে ৪ পইণ্টেৰে টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলিব লাগিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।

বৰ্ষাবিঘ্নিত মেচখনৰ এটা সময়ত এনে লাগিছিল যেন বাংলাদেশে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। লিটনৰ দলে দ্ৰুত ৰান কৰি আছিল। কিন্তু পঞ্চম উইকেট পৰাৰ পাছত হঠাৎ ৰৈ গ’ল বাংলাদেশ। সেই সময়ত লিটনৰ দলে খেলখনত ১২.১ অভাৰত জয়ী হ’লে ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা থকা কথা পাহৰি যোৱা যেন লাগিছিল। তাৰ বাবে ৰছিদ আৰু নূৰ আহমেদকো কৃতিত্ব দিয়া উচিত। বাংলাদেশী বেটছমেনসকলে তেওঁলোকৰ স্পিন মোকাবিলাত অসুবিধা পাইছিল।

ফটো সৌজন্যঃ আইচিচি।

ফজল হক ফাৰুকী আৰু নবীন উল হকে উইকেট লোৱাৰ আৰম্ভণি কৰে। ২৩ ৰানৰ ভিতৰত ৩ টা উইকেট হেৰুৱায় বাংলাদেশে। মাজৰ অভাৰত ৰছিদে শক্তি দেখুৱাইছিল। তেওঁ ৪ অভাৰত ২৩ ৰান দি ৪ টা উইকেট দখল কৰে। আনহাতে, নূৰে এটাও উইকেট নাপালেও ৪ অভাৰত মাত্ৰ ১৩ ৰান দিয়ে। তাতেই বাংলাদেশ সমস্যাত পৰে। তেওঁলোকৰ পৰাজয়ৰ আঁৰত নিশ্চিতভাৱে দলৰ মিডল অৰ্ডাৰৰ বিফলতা।

লিটনেও দোষ মানি ল’ব লাগিব। তেওঁ আছিল একমাত্ৰ বেটছমেন যিয়ে শেষলৈকে আছিল। কিন্তু অপৰাজিত লিটনে বাৰে বাৰে এক ৰান লৈ তাঞ্জিম হাছান চাকিব আৰু টাস্কিন আহমেদক ষ্ট্ৰাইক দিছিল। বহুবাৰ দেখা গৈছিল যে শেষৰ বলৰ পৰা এক ৰান নল’লে লিটনে বেটিং কৰাৰ সুযোগ পায় যদিও বাংলাদেশে তাত এক ৰান লৈছিল। বহু সময়ত অৰ্ধশতক অৰ্জন কৰা লিটনে দলৰ বলাৰসকলক অভাৰৰ প্ৰথম বলত এক ৰান লৈ বেটিং কৰিবলৈ দিছিল। যদিহে তেওঁ অধিক বল খেলিবলৈ চেষ্টা কৰিলেহেঁতেন তেন্তে বাংলাদেশে হয়তো জয়ী হ’লহেঁতেন।

ফটো সৌজন্যঃ আইচিচি।

মেচৰ মেন অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় নবীনক। তেওঁ ২৬ ৰাণত ৪টা উইকেট দখল কৰে। অৱশ্যে বাংলাদেশৰ বিৰুদ্ধে এই খেলখনত ৰছিদো মেন অৱ দ্য মেচৰ বঁটাৰ যোগ্য আছিল। তেওঁ ২৩ ৰাণত ৪টা উইকেট দখল কৰে। গুৰুত্বপূৰ্ণ সময়ত ৰাণৰ গতি স্তব্ধ কৰি দিয়ে। পাহৰি যোৱা উচিত নহয় যে ৰছিদে বেটিং কৰিও তিনিটা ছয় মাৰিছিল। তেওঁৰ ১০ টা বলৰ ইনিংছত মৰা সেই তিনিটা ছয়ে দলটোক যুঁজৰ সুযোগ দিছিল। যদি ৰছিদে সেই ৰান নকৰিলহেঁতেন তেন্তে তেওঁৰ দেশ হাৰি যোৱাৰো সম্ভাৱনা আছিল।