সুদীৰ্ঘ ১৮ মাহৰ অন্তত জম্মু-কাশ্মীৰত ৪-জি ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ

সুদীৰ্ঘ ১৮ মাহৰ বিৰতিৰ অন্তত জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ৪-জি ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়া হৈছে।

জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ শক্তি আৰু তথ্য বিভাগৰ মুখ্য সচিৱ ৰোহিত কানছালে এই কথা জানিবলৈ দিয়ে।

‘‘৪ জি মোবাইল ইণ্টাৰনেট সেৱা জম্মু-কাশ্মীৰত পুনৰ উপলব্ধ কৰা হৈছে,’’ কানছালে কয়।

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত হ’ব পৰা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল।

৪ জি ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ হোৱাত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাই সুখ ব্যক্ত কৰে।

‘‘৪-জি মোবাৰক! ২০১৯ চনৰ আগষ্ট মাহৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰে ৪ জি ইণ্টাৰনেট সেৱা লাভ কৰিছে,’’ ওমৰ আব্দুল্লাই এইদৰে লিখে।

জম্মু-কাশ্মীৰত ৪-জি সেৱা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সুৰক্ষা বাহিনীৰ তৰফৰ পৰাও সেউজ সংকেত প্ৰদান কৰা হয়।

কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ মুঠ ১৮ খন জিলাত এই সেৱা পুনৰ আৰম্ভ কৰা হয়।