সুখত থাকক মনৰ মানুহ, বিয়াৰ তিনি বছৰ পিছত পূৰ্বৰ প্ৰেমিকাৰ সৈতে স্বামীৰ বিয়া পাতি দিলে পত্নীয়ে!

marrige-1-640x443

প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল…হয় স্বৰ্গীয় প্ৰেমত হাবুডুবু খোৱা এজন লোকে পৰিস্থিতিৰ দাস হৈ প্ৰেমিকাৰ সলনি আন এগৰাকী ছোৱালীক বিয়া পাতিবলগীয়া হৈছিল।

মধ্যপ্ৰদেশৰ ভূপালৰ বাসিন্দা সেই লোক জনে পিছে বিয়াৰ তিনি বছৰ পাৰ হৈ যোৱাৰ পিছতো মানসপটৰ পৰা মচি পেলাব পৰা নাছিল পূৰ্বৰ প্ৰেমিকাৰ  ছবি খন।

পূৰ্বৰ প্ৰেমিকাৰ কথা ভাবি তেওঁ প্ৰায়ে বিষণ্ণ হৈ পৰে। এই কথা ভালদৰেই লক্ষ্য কৰিছিল লোক জনৰ পত্নীয়ে।

ইকাণ-সিকাণ বাগৰি লোকজনৰ পত্নীয়ে তেওঁৰ স্বামীৰ পূৰ্বৰ প্ৰেমিকাৰ কথা জানিবলৈ সক্ষম হৈছিল।

পূৰ্বৰ প্ৰেমিকায়ো প্ৰেম ভংগৰ বিৰহত  বিয়া নোহোৱাকৈয়ে আছিল। নিজৰ প্ৰাণতকৈয়ো স্বামীক বেছি ভালপোৱা পত্নীয়ে স্বামীৰ দুখ সহ্য কৰিব নোৱাৰি গ্ৰহণ কৰিলে এক বিশেষ সিদ্ধান্ত।

সিদ্ধান্ত মৰ্মে পত্নীয়ে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰিলে।বিবাহ বিচ্ছেদৰ উদ্দেশ্য এটাই—স্বামীৰ সৈতে পূৰ্বৰ প্ৰেমিকাৰ মিলন ঘটোৱা।ভূপালৰ আদালতলৈ পত্নীয়ে নিজে গৈ বিবাহ বিচ্ছেদৰ যাৱতীয় সকলো কাম কৰিলে।

ইয়াৰ পিছতে আহিল আচল পৰ্ব।বিবাহ বিচ্ছেদৰ পিছতেই লোকজনৰ পত্নীয়ে তেওঁৰ স্বামীৰ বিয়া পাতি দিলে পূৰ্বৰ প্ৰেমিকাৰ সৈতে।নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক মহিলাগৰাকীয়ে সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰা মতে স্বামীৰ বিমৰ্ষ মুখ খন দেখি তেওঁৰ বৰ দুখ লাগি আছিল।

সেইবাবেই স্বামীৰ সুখৰ বাবেই নিজৰ সংসাৰ ভাঙি হ’লেও স্বামীক পূৰ্বৰ প্ৰেমিকাৰ সৈতে মিলন ঘটাই দিবলৈ পাই তেওঁ  এতিয়া সুখী। নিজৰ যি হ’লেও হওঁক,মনৰ মানুহ জনতো সুখত থাকিব।