NORTHEAST NOW (Assamese)

স্বামী আগতে মহিলা আছিল! বিয়াৰ আঠ বছৰ পিছত ৰহস্য জানিব পাৰি আৰক্ষীত অভিযোগ পত্নীৰ

September 16, 2022 12:46 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

আঠ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু স্বামীয়ে বিবাহিত জীৱনত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, ‘বিকৃত’ যৌনতাই তেওঁক আকৰ্ষিত কৰিছিল। মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ এনে অভিনয় দেখি আচৰিত হৈছিল। অৱশেষত স্বামীয়েই জনাই দিয়ে যে তেওঁ আচলতে লিংগ সলনি কৰি মহিলাৰ পৰা পুৰুষ হৈছিল।

বিয়াৰ ইমান দিন অতিবাহিত কৰাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ স্বীকাৰোক্তিত হতবাক হৈ পৰে। গুজৰাটৰ বদোদৰাত সংঘটিত হৈছে এই ঘটনা।

৪০ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে। তেওঁলোকে ২০১৪ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। অভিযোগ কৰা হৈছে যে মহিলাগৰাকীৰ স্বামীয়ে বিবাহৰ সময়ত লিংগ পৰিৱৰ্তনৰ কথা লুকুৱাই ৰাখিছিল।

লগতে পঢ়ক: আঠ দিন ধৰি ঘৰত বন্দী কৰি ৰাখি মহিলাক ধৰ্ষণ! পুনৰ অভিযোগৰ কেন্দ্ৰ উত্তৰ প্ৰদেশ

মহিলাগৰাকীয়ে বুধবাৰে গোত্ৰী আৰক্ষী থানাত তেওঁৰ স্বামী বিৰাজ বৰ্ধনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। তেওঁ বিকৃত যৌনতা আৰু প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰিছে। তেওঁৰ স্বামীৰ পৰিয়ালৰ সদস্যসকলৰ নামো এজাহাৰত উল্লেখ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, মহিলাগৰাকীয়ে ৯ বছৰ পূৰ্বে বিজয় বৰ্ধনৰ সৈতে মেট্ৰিম’নিয়েল ছাইটৰ জৰিয়তে পৰিচয় হৈছিল। মহিলাগৰাকীৰ প্ৰথম স্বামীৰ ২০১১ চনত এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। তেওঁলোকৰ এগৰাকী ১৪ বছৰীয়া কন্যা সন্তানো আছে। তেওঁৰ প্ৰথম স্বামীৰ মৃত্যুৰ পিছত বিজয়ৰ সৈতে ২০১৪ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পিছত তেওঁলোকে হনিমুনৰ বাবে কাশ্মীৰলৈ গৈছিল।

মহিলাগৰাকীৰ অভিযোগ যে বিয়াৰ বহু দিনৰ পিছতো তেওঁৰ স্বামীয়ে শাৰীৰিক সম্পৰ্ক ৰাখিব বিচৰা নাছিল। তেওঁ বহু অজুহাত দিছিল। এবাৰ জোৰ কৰাৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে তেওঁক কৈছিল যে তেওঁ কেইবছৰমান আগতে ৰাছিয়াত সংঘটিত এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। সেইকাৰণে তেওঁ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অক্ষম।

লগতে পঢ়ক: ষ্টেডিয়ামৰ পিছত আহমেদাবাদত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে মেডিকেল কলেজ

মহিলাগৰাকীক তেওঁৰ স্বামীয়ে  কৈছিল যে এটা সৰু অস্ত্ৰোপচাৰৰ পিছত তেওঁ ঠিক হৈ যাব। ২০২০ৰ জানুৱাৰীত মহিলাগৰাকীক তেওঁৰ স্বামীয়ে কৈছিল যে তেওঁ ওজন হ্ৰাস কৰিবলৈ অস্ত্ৰোপচাৰৰ বাবে কলকাতালৈ গৈছিল। পিছত অভিযুক্তই তেওঁৰ পত্নীক কৈছিল যে তেওঁ প্ৰকৃততে তেওঁৰ লিংগ সলনি কৰিছে।

মহিলাগৰাকীয়ে তেওঁৰ স্বামীয়ে তেওঁৰ সৈতে “বিকৃত” যৌন সম্পৰ্কত লিপ্ত হোৱাৰো অভিযোগ কৰিছে। স্বামীয়ে আনকি তেওঁ যদি কাৰোবাক এই বিষয়ে কয় তেন্তে ইয়াৰ পৰিণাম ভয়ানক হ’ব পাৰে বুলি ভাবুকিও দিছিল।

লগতে পঢ়ক: গুয়াতেমালাত স্বাধীনতা দিৱসৰ সংগীতানুষ্ঠানত পদপিষ্ট হৈ ৯ জন নিহত; আহত কমেও ২০জন

আৰক্ষীৰ মতে বিজয়ৰ পূৰ্বৰ নাম আছিল বিজয়েতা। গোত্ৰী আৰক্ষী থানাৰ পৰিদৰ্শক এম কে গুৰ্জাৰে কয় যে অভিযুক্ত দিল্লীৰ বাসিন্দা। তেওঁক বদোদৰালৈ লৈ যোৱা হৈছে। অৱশ্যে এই অভিযোগৰ সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related News