ক’ৰ’না সন্ত্ৰাসৰ মাজতে আজি বংগবাসীক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পিছত আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ উদ্যোগপতিসকলক সম্বোধন কৰিব। ইয়াৰ বাবে কলকাতাৰ চেম্বাৰ অফ কমাৰ্ছে সকলো সাজু কৰি তুলিছে।

অমিত শ্বাহৰ দৰে প্ৰধান মন্ত্ৰী মোদীয়েও অনলাইনযগে সম্বোধন কৰিব।

জানিব পৰা মতে প্ৰধান মন্ত্ৰীয়ে নিজৰ ভাষণত কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য ব্যৱহাৰ কৰাৰ সম্ভাৱনা নাই যদিও ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগপতি সকলক আকৰ্ষিত কৰাৰ চেষ্টা চলাব।

ইফালে পস্চিমবংগ বিজেপিয়ে তেওঁলোকৰ কৰ্মকৰ্তাসকলৰ বাবে প্ৰধান মন্ত্ৰীৰ ভাষণ শুনোৱাৰ ব্যৱস্থা কৰিছে। তেওঁলোকৰ ফেইচবুক, টুইটৰ আৰু য়ুটিউবৰ জৰিয়তে লাইভ সম্প্ৰচাৰণ কৰিব।

ক’ৰ’না ভাইৰাছৰ লগতে চাইক্ল’ন আমফানে ক্ষতিগ্ৰস্ত কৰা ৰাজ্যখনৰ অৰ্থনীতি কেনেদৰে পুনৰুদ্ধাৰ কৰিব পৰা যায় সেই সম্পৰ্কে প্ৰধান মন্ত্ৰীগৰাকীয়ে কিছু দিহা-পৰামৰ্শ দিয়াৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বংগবাসীক সম্বোধন কৰিছিল। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিয়া ভাষণত শ্বাহে মমতা বেনাৰ্জী চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।