NORTHEAST NOW (Assamese)

এইবাৰ কৰ’নাত আক্ৰান্ত বলীউদৰ বহু চৰ্চিত প্ৰেমিক যুগল অৰ্জুন-মালাইকা

September 7, 2020 8:07 am · এন ই নাও নিউজ
অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰা।

বলীউদত পুনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাতৰি আহিছে। বিগত কিছুদিন ধৰি বলীউদত নতুনকৈ কৰ’না আক্ৰান্তৰ খৱৰ প্ৰায় পোৱা হোৱা নাছিল।

দেওবাৰে প্ৰথমতে অভিনেতা অৰ্জুন কাপুৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ আহে। তেওঁ পুৱাই নিজৰ ইষ্টাগ্ৰাম একাউন্টত কৰ’নাত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰে।

তেওঁ ঘৰতেই হোম কোৱাৰেন্টাইন হৈ থাকিব বুলিও লগতে জানিবলৈ দিয়ে।

আনহাতে, দেওবাৰেই বিয়লি অৰ্জুনৰ প্ৰেমিকা মালাইকা আৰোৰা কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ আহে।

মালাইকা পজিটিভ হোৱাৰ খৱৰটো সদৰী কৰে তেওঁৰ ভগ্নী অমিত্ৰা আৰোৰাই।

অমিত্ৰাই জানিবলৈ দি কয়,’’আজি আবেলিয়েই মোৰ ভগ্নী কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ এতিয়া আইছ’লেশ্যনত আছে। তদুপৰি, আমি সকলোৱে সামাজিক দূৰত্ব মানি চলিছো।‘’

উল্লেখ্য যে ইয়াৰ পূৰ্বে বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ লগতে তেওঁৰ অভিনেতা-অভিনেত্ৰী পুত্ৰ-বোৱাৰী অভিষেক বচ্চন আৰু ঐশ্বৰ্য বচ্চন তথা নাতিনী আৰাধ্যা কৰ’নাত আক্ৰান্ত হৈছিল।

বৰ্তমান তেওঁলোক আটাইয়ে আৰোগ্য হৈ উঠিছে।

দেশত কৰ’নাৰ সংক্ৰমণ ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে আৰু এতিয়া সমাজৰ সকলো শ্ৰেণীৰ লোকেই ব্যাপক হাৰত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে।

কৰ’না আক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত ভাৰত এতিয়া দ্বিতীয় স্থানত উপনীত হৈছে।

Related News