কাশ্মীৰৰ পৰা আঁতৰিল অনুচ্ছেদ ৩৭০; প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ’ল ‘বহিৰাগত প্ৰাৰ্থী’

‘ভূমিপুত্ৰ’ নহ’লেও ভোটাধিকাৰ পাব, আনকি প্ৰতিদ্বন্দ্বিতা কৰাৰো লাভ কৰিব সুযোগ। ২০১৯ চনৰ ৫ আগষ্টত নৰেন্দ্ৰ মোদী চৰকাৰে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছতে লাভ কৰিলে বিশেষ অধিকাৰ। আৰু সেই আইন পৰিৱৰ্তনক আহিলা হিচাপে ব্যৱহাৰ কৰি এইবাৰ কাশ্মীৰ উপত্যকাত দেখা গ’ল লোকসভা নিৰ্বাচনত প্ৰথমজন ‘বাহিৰৰ’ প্ৰাৰ্থী।

পঞ্জাবৰ মোহলী নিবাসী বলদেৱ কুমাৰে শনিবাৰে অনন্তনাগ-ৰাজৌৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। কাশ্মীৰৰ ইতিহাসৰ প্ৰথমজন অনাবাসী হিচাপে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। মূলতঃ মোহলীৰ নয়াগাঁও অঞ্চলৰ বাসিন্দা বলদেৱ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত বাস কৰে।

৩৭০ অনুচ্ছেদ বাতিলৰ পাছত নিৰ্বাচন আয়োগে কয় যে ৰাজ্যৰ বাহিৰৰ পৰা জম্মু-কাশ্মীৰত বসবাস কৰা লোকসকলেও বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ লাভ কৰিব। ফলত নতুন ভোটাৰ তালিকাত সংযোজন হৈছে লাখ লাখ নাম। জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ ‘বাতিল’ নহ’লে তেওঁৰ দৰে লাখ লাখ লোকে কেতিয়াও ভোটাধিকাৰ নাপালেহেঁতেন৷ আনকি বলদেৱৰ দৰে ‘বাহিৰৰ’ লোকেও ভোটদানৰ সুযোগ নাপালেহেতেঁন।

মনোনয়ন দাখিল কৰাৰ পাছত সংবাদ সংস্থা পিটিআইৰ আগত বলদেৱে কয় যে – ২০১৪ চনৰ বানপানীৰ পাছৰে পৰা মই কাশ্মীৰৰ জনসাধাৰণৰ বাবে কাম কৰি আহিছোঁ। মই বছৰৰ বেছিভাগ সময় ইয়াতেই কটাও। জম্মু-কাশ্মীৰৰ বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ খৰচ বহন কৰোঁ। কাশ্মীৰৰ পৰা পঞ্জাবলৈ চিকিৎসাৰ বাবে যোৱা ৰোগীসকলৰ বাবে মই এটা অট্টালিকা নিৰ্মাণ কৰিছোঁ, যাতে তেওঁলোক তাত থাকিব পাৰে।