NORTHEAST NOW (Assamese)

হলিউডৰ শিল্পীৰ ধৰ্মঘট; প্ৰভাৱ পেলাব অৱতাৰ আৰু গ্লেডিয়েটৰৰ দৰে বিগ বাজেটৰ ছবিত

July 14, 2023 5:48 pm · এন ই নাও নিউজ, গুৱাহাটী

হলিউডৰ শিল্পীসকলৰ ধৰ্মঘটৰ বাবে অৱতাৰ আৰু গ্লেডিয়েটৰৰ দৰে বিগ বাজেটৰ ছবিৰ কামত বিলম্ব হ’ব পাৰে। তদুপৰি, ছবিৰ প্ৰচাৰ-প্ৰমোচনৰ ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে বহু চিনেমাৰ সূচী সলনি কৰা হৈছে।

হলিউডত যোৱা ৬০ বছৰত ইমান বৃহৎ ধৰ্মঘট দেখা যোৱা নাই। এই ধৰ্মঘটত এক লাখ ৬০ হাজাৰ শিল্পী তথা কলা-কুশলীয়ে অংশগ্ৰহণ কৰিছে।

এই ধৰ্মঘটৰ বাবে আমেৰিকাৰ চলচ্চিত্ৰ আৰু টিভি প্ৰডাকচনৰ কাম স্তব্ধ হৈ পৰিছে। ক্রিষ্টোফাৰ নোলানৰ দৰে পৰিচালকেও কাম বন্ধ কৰিবলগীয়া হৈছে৷ নোলানেও শিল্পী আৰু কলা-কুশলীৰ ধৰ্মঘট তথা দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

অভিনয় শিল্পীসকলৰ এটা সংস্থা স্ক্ৰীণ এক্টৰছ গিল্ড (এছ এ চি)য়ে শিল্পীসকলক ভাল কৰ্ম পৰিৱেশ আৰু লাভৰ সঠিক অংশ দিয়াৰ দাবী তুলিছে। তেওঁলোকে লগতে হলিউডৰ চিনেমাত কৃত্ৰিম বুদ্ধিমত্তা আৰু গ্রাফিক্সৰ অতিমাত্ৰা প্ৰয়োগে শিল্পীসকলক যিদৰে এলাগী কৰি ৰাখিছে তাৰ পৰাও সুৰক্ষা বিচাৰিছে।

এই ধৰ্মঘট চলি থকাৰ সময়ত কোনো শিল্পীয়ে চিনেমাত কাম কৰিব নোৱাৰিব। সেইদৰে, কোনো ধৰণৰ প্ৰচাৰ অভিযানতো অংশগ্ৰহণ কৰিব নোৱাৰিব। ফলত বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ উদ্যোগটো বাস্তৱিকতে স্তব্ধ হৈ পৰিছে।

Related News