• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুপুতে ফ্ৰান্সৰ সৈতে মোডীৰ ৪০ বছৰীয়া সম্পৰ্ক! পোহৰলৈ আহিল ‘৮১ চনৰ পৰিচয় পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 4:51 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত বিগত কেইবছৰমানৰ পৰা ফ্ৰান্সৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। প্ৰতিৰক্ষাৰ পৰা বাণিজ্যলৈ – দুয়োখন দেশৰ বিভিন্ন ক্ষেত্ৰত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছে। অৱশ্যে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ফ্ৰান্সৰ সম্পৰ্ক প্ৰায় চাৰি দশক পুৰণি।

বৃহস্পতিবাৰে (১৩ জুলাই) দুদিনীয়া ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী ফ্ৰান্সৰ পেৰিছলৈ গৈছে। ভ্ৰমণৰ প্ৰথম দিনাই তেওঁ তাত প্ৰবাসী ভাৰতীয়সকলক লগ পায়। প্ৰবাসীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ সৈতে থকা পুৰণি সম্পৰ্কৰ কথা সদৰী কৰে।

তেওঁ কয়, প্ৰায় ৪০ বছৰ পূৰ্বে তেওঁ ভাৰতৰ ভিতৰতে আহমেদাবাদৰ ‘এলায়েন্স ফন্সে’ৰ সদস্য হোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল। ফ্ৰান্সৰ সাংস্কৃতিক কেন্দ্ৰ ‘এলিয়েন্স ফন্সে’ সমগ্ৰ বিশ্বতে ফৰাচী ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ কৰে।

Apply Now

লগতে পঢ়ক: সৰিয়হৰ ডুলিতে ভুত! গুৱাহাটীত ‘ধন দাবী’ৰ অভিযোগত তদন্তৰ সন্মুখীন দুই আৰক্ষী বিষয়া

পেৰিছৰ ‘লা চেইন মিউজিকেল’ থিয়েটাৰত ফ্ৰান্সত বসবাস কৰা ভাৰতীয়সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ব্যক্তিগতভাৱে ফ্ৰান্সৰ প্ৰতি মোৰ প্ৰেম দীৰ্ঘদিনীয়া। প্ৰায় ৪০ বছৰ পূৰ্বে গুজৰাটৰ আহমেদাবাদত ফ্ৰান্সৰ সাংস্কৃতিক কেন্দ্ৰ ‘এলিয়েন্স ফন্সে’ৰ যাত্ৰা আৰম্ভ হৈছিল। আজি সেই সাংস্কৃতিক কেন্দ্ৰৰ প্ৰথম ভাৰতীয় সদস্যই আপোনাৰ সন্মুখত কথা কৈছে। কেইবছৰমান আগতে ফ্ৰান্স চৰকাৰে মোক সেই পৰিচয় পত্ৰৰ ফটোকপি দিছিল। আজিও মোৰ বাবে ই মূল্যৱান।”

প্ৰধানমন্ত্ৰীয়ে এলিয়েন্স ফন্সেৰ সদস্যপদৰ কাহিনী শ্বেয়াৰ কৰাৰ পিছতেই ভাৰত চৰকাৰে পৰিচয় পত্ৰৰ এখন ফটো প্ৰকাশ কৰে। ইয়াত দেখা গৈছে যে পৰিচয় পত্ৰখনৰ তাৰিখ ১৯৮১ চনৰ ৫ ডিচেম্বৰ। নৰেন্দ্ৰ মোদীয়ে ১২৫ টকা দি সদস্যপদ গ্ৰহণ কৰিছিল।

১৪ জুলাই ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস। ফৰাচী বিপ্লৱৰ সময়ত আজিৰ দিনটোতে বাষ্টিল দুৰ্গ ধ্বংস হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় দিৱসৰ পূৰ্বে ফ্ৰান্সৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেওঁ এই অনুষ্ঠানৰ মুখ্য অতিথি। তেওঁক নিমন্ত্ৰণ জনোৱাৰ বাবে তেওঁ ফ্ৰান্সক ধন্যবাদ জনায়। তেওঁ কয় যে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাৰ বাবে এই ভ্ৰমণ তেওঁৰ বাবে এক বিশেষ সন্মান।

লগতে পঢ়ক: শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপন ভাৰতৰ চন্দ্ৰযান-৩ৰ; ৪০ দিনৰ যাত্ৰা

প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে কয়, “মই কেইবাবাৰো ফ্ৰান্সলৈ আহিছো। কিন্তু, এইবাৰ মোৰ ভ্ৰমণৰ বিশেষ তাৎপৰ্য আছে। কাইলৈ ​​ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস। ফ্ৰান্সৰ জনসাধাৰণক অভিনন্দন জনাইছো। মোক নিমন্ত্ৰণ জনোৱাৰ বাবে তেওঁলোকক ধন্যবাদ। কাইলৈ ​​মোৰ বন্ধু ইমানুৱেল মেক্ৰনৰ সৈতে ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিম। ই ভাৰত আৰু ফ্ৰান্সৰ অটুট বন্ধুত্বৰ প্ৰতিফলন।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd