কোভিডৰ ডেল্টা প্লাছৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত কাপ্পা প্ৰজাতিত আক্ৰান্ত হৈ এজনৰ মৃত্যু

kappa

মাৰাত্মক ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছে নতুন বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে।

দেশত এতিয়ালৈকে ডেল্টা প্লাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ডেল্টা প্লাছৰ আতংকৰ মাজতে কোভিডৰ আন এক প্ৰজাতিয়ে এতিয়া চিন্তিত কৰি তুলিছে দেশৰ চিকিৎসা বিজ্ঞানীসকলক।

কোভিডৰ সেই নতুন প্ৰজাতিবিধ হৈছে কাপ্পা।

উত্তৰ প্ৰদেশৰ পূব অংশত অৱস্থিত সন্ত কবিৰ নগৰত শেহতীয়াকৈ এজন লোকৰ দেহত ধৰা পৰিছে কোভিডৰ কাপ্পা প্ৰজাতি।

কাপ্পা প্ৰজাতিৰ কোভিডত আক্ৰান্ত ৬৬ বছৰীয়া লোকজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

লোক জনৰ তেজৰ নমুনা ১৩ জুনতে সংগ্ৰহ কৰি নতুন দিল্লীৰ চিএছআইআৰৰ ইনষ্টিটিউট অব জেন’মিক্স এণ্ড ইণ্টেগ্ৰেটিভ বায়’ল’জিলৈ প্ৰেৰণ কৰা হৈছিল।

তাতেই তেওঁ কোভিডৰ কাপ্পা প্ৰজাতিত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হয়।

উত্তৰ প্ৰদেশৰ বিআৰডি মেডিকেল কলেজৰ মাইক্ৰ’বায়’ল’জি বিভাগৰ মুৰব্বী ডাঃ অমৰেশ সিঙে প্ৰকাশ কৰা মতে কোভিডৰ ডেল্টা প্ৰজাতিৰ দৰেই কাপ্পা প্ৰজাতিও অতি মাৰাত্মক।

উল্লেখ্য কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছক আনকি কোনো ভেকচিনৰ জৰিয়তে বাধা দিব নোৱাৰি।

সেয়ে এই প্ৰজাতি বিধৰ সংক্ৰমণে এতিয়া চিন্তিত কৰি তুলিছে দেশ-বিদেশৰ স্বাস্থ্য বিজ্ঞানীসকলৰ লগতে চৰকাৰকো।অৱশ্যে ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰকাশ কৰা মতে কোভাক্সিন আৰু কোভিশ্বিল্ড উভয় ভেকচিনেই কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিব পাৰে।

অৱশ্যে ভেকচিন দুবিধে কিমান কাৰ্যকৰী ভাবে ডেল্টা প্লাছ প্ৰজাতি ৰুধিব পাৰে সেয়া এতিয়াও প্ৰমাণ হোৱা নাই বুলি তেওঁ কয়।

এতিয়ালৈকে বিশ্বৰ ৯৪ খন দেশত কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ্য কোভিডৰ দ্বিতীয়টো ঢৌৱে কাবু কৰা ভাৰতবৰ্ষত মাৰাত্মক ৰোগ বিধৰ তৃতীয়টো ঢৌ আহিবলৈ আৰু বেছি দিন নাই।
এটাৰ পাছত আন এটা কোভিড-১৯ৰ ভেৰিয়েন্ট বিশ্বত প্ৰৱেশ কৰিবলৈ লৈছে আৰু প্ৰতিটোৱে পূৰ্বতকৈ শক্তিশালী তথা মাৰাত্মক।

ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েন্টৰ পাছত কোভিড-১৯ৰ আন এটি মিউটেন্টে ভুমুকি মাৰিছে। ইয়াক কোৱা হৈছে ‘লাম্বদা’ (Lambda)।

মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে কোভিড-১৯ৰ ‘লাম্বদা’ ভেৰিয়েন্ট ভাৰতত প্ৰথম আৱিস্কৃত ডেল্টাতকৈয়ো মাৰাত্মক।

বিশেষজ্ঞসকলৰ মতে ‘লাম্বদা’ ভেৰিয়েন্ট যোৱা ডেৰ বছৰ ধৰি কোভিড-১৯ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিৰ প্ৰতি এক নতুন ভাবুকি।

বিশ্ব স্বাস্থ্য সংস্থাই যোৱা ১৪ জুনত ইতিমধ্যেই লাম্বদাক লক্ষ্যণীয় ভেৰিয়েন্ট হিচাপে ঘোষণা কৰিছে।