কুঁহিৰ পাছত এইবাৰ ‘আচাম জেট’ৰ পাল; কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান শিক্ষকৰূপী ইউটিউবাৰজনক

বীৰাংগনা পাপৰি কলিতাক নিলম্বনৰ ২৪ঘণ্টাৰ পাছতে চৰ্চাত ইউটিউবাৰ তথা শিক্ষক লাবুমণি৷অনলাইন জুৱাৰ প্ৰচাৰ কৰা এইজন আচাম জেটখ্যাত শিক্ষকলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী৷মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াই ইতিমধ্যে লাবুমণিক এই জাননী প্ৰেৰণ কৰিছে৷

উল্লেখ্য যে কালি সামাজিক মাধ্যম ইউটিউব,ফেইচবুক আৰু ইনষ্টাগ্ৰামত ‘কুঁহি’ নামেৰে খ্যাত ইনফ্লুৱেনচাৰ পাপৰি কলিতাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল৷শেহতীয়াকৈ নিজৰ জীৱনমূলক বিভিন্ন ভিডিঅ’ আপলোড কৰি জনপ্ৰিয়তা অৰ্জন কৰা পাপৰি কলিতাক অসম আৰক্ষীৰ  বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন কৰা হৈছিল৷অনলাইন বেটিং এপৰ বিজ্ঞাপন প্ৰদান কৰা বাবে কামাণ্ডোগৰাকীক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে৷

কিন্তু প্ৰশ্নৰ উদয় হৈছে যে কিহৰ তাড়নাত পৰি এগৰাকী অসম আৰক্ষীত কৰ্মৰত জোৱান বা শিক্ষকে অনলাইন জুৱাৰ বিজ্ঞাপন দিবলগীয়া হ’ল?টকা-পইচাৰ নাটনি নে সামাজিক সচেতনবোধৰ অভাৱ!বিগত সময়চোৱাত নিজৰ কৰ্মৰ জৰিয়তে ভাল টকাপইচা উপাৰ্জন কৰা বহুজন ইনফ্লুৱেনচাৰ শিক্ষক বা চৰকাৰী কৰ্মচাৰীয়ে অনলাইন বেটিঙৰ প্ৰমোচন কৰে৷ইয়াৰ কাৰণ জানো সমাজৰ প্ৰতি দায়িত্বজ্ঞানহীনতাই নহয়৷সেয়েহে এই বিষয়ক লৈ বৰ্তমান সামাজিক মাধ্যমত বাৰুকৈয়ে চৰ্চা চলিছে৷